নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ সৈতে সমন্বয় ৰক্ষা কৰিব নিবিচাৰে তৃণমূল কংগ্রেছে

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশনত কংগ্রেছৰ সৈতে সমন্বয় ৰক্ষা কৰিব নিবিচাৰে তৃণমূল কংগ্রেছে৷ কংগ্রেছৰ পৰিৱর্তে ২৯ নৱেম্বৰত আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত জনতাৰ স্বার্থৰ বিষয়ক লৈ আন বিৰোধী দলৰ সৈতে সমন্বয় ৰক্ষা কৰিব৷ তৃণমূল কংগ্রেছে আজি এই কথা উল্লেখ কৰি পুনৰ কয় যে অহা ২৯ নৱেম্বৰত কংগ্রেছে আহ্বান জনোৱা বিৰোধী দলৰ বৈঠকত টিএমচিয়ে অংশ নলয়৷

উল্লেখ্য যে কংগ্রেছৰ নেতা তথা বিৰোধী দলৰ ৰাজ্যসভাৰ দলপতি মল্লিকার্জুন খার্গে ২৯ নৱেম্বৰত বিৰোধী দলৰ বৈঠক আহ্বান কৰিছে৷ এই বৈঠকত টিএমএচিয়ে অংশ ল’ব বুলি খার্গেই প্রকাশ কৰাৰ পিছতেই তৃণমূল কংগ্রেছে আজি কংগ্রেছৰ সৈতে শীতকালীন অধিৱেশনৰ সমন্বয় ৰক্ষাৰ বাবে আগ্রহী নহয় বুলি উল্লেখ কৰাৰ লগতে বিৰোধী বৈঠকতো অংশ নলয় বুলি প্রকাশ কৰিছে৷

কংগ্রেছৰ সভানেত্রী ছোনিয়া গান্ধী আৰু টিএমচিৰ মুৰব্বী মমতা বেনার্জীৰ সম্পর্ক মধুৰ যদিও দলীয় নীতিৰ বাবেই এই বৈঠকত অংশ লোৱাৰ পৰা বিৰত থাকিব টিএমচি৷ কংগ্রেছে নিজৰ দলৰ আভ্যন্তৰীণ সমন্বয় আৰু নিজৰ গৃহ সঠিক কৰাতহে গুৰুত্ব দিব লাগে বুলি টিএমচিয়ে পৰামর্শ দিয়ে৷

You might also like