নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিনলেণ্ডক অন্ধাকাৰত ডুবাই পেলাবলৈ ওলাইছে পুটিনে

বিশেষ বাৰ্তা, ১৪ মেঃ এইবাৰ ৰাছিয়া আৰু ফিনলেণ্ডৰ মাজত উত্তেজনা আৰম্ভ হৈছে। শেহতীয়াকৈ ফিনলেণ্ডে ঘোষণা কৰিছে যে তেওঁলোকে নাটোত যোগদান কৰিব। এতিয়া খবৰ মতে, ৰাছিয়াই বিদ্যুৎ যোগান বন্ধ কৰিবলৈ ওলাইছে ফিনলেণ্ডত। ইয়াৰ আঁৰৰ কাৰণ হিচাপে বাকী থকা ধনৰ কথা উল্লেখ কৰা হৈছে। ৰাছিয়াৰ চৰকাৰী শক্তি প্ৰতিষ্ঠান ইণ্টাৰ আৰ এ অ’ই ফিনলেণ্ডলৈ বিদ্যুৎ যোগান কৰ্তন কৰিবলৈ ওলাইছে, কাৰণ ৬ মে’ৰ পৰা পেন-ইউৰোপীয় এক্সচেঞ্জ নৰ্থ পুলৰ জৰিয়তে বিক্ৰী কৰা বিদ্যুতৰ বাবে ধন আদায় দিয়া হোৱা নাই। ধন পৰিশোধত কিয় পলম হৈছে তাৰে কোনো কাৰণ স্পষ্ট হোৱা নাই। যি সময়ত দেশখনে মস্কোৰ পৰা গেছ যোগান কৰ্তনৰ বাবে সাজু হৈছে, সেই সময়ত অন্ধকাৰত ডুব যোৱাৰ বিপদত পৰিছে ফিনলেণ্ড।

You might also like