নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এল চাবলৈ আহিল মেকুৰী, বন্ধ হৈ গ’ল খেল

বিশেষ বাৰ্তা, ১৪ মেঃ আই পি এল ২০২২ত বহুতো আকৰ্ষণীয় দৃশ্য দেখা গৈছে।এই ছিজনত আৰু ইয়াৰ আগতেও বহু অনুৰাগীয়ে নিজৰ প্ৰিয় খেলুৱৈসকলৰ বাবে অদ্ভুত পোষ্টাৰ আনে। সমান্তৰালভাৱে একাংশ অনুৰাগীয়ে আনকি খেলপথাৰত উপস্থিত হৈ খেলুৱৈসকলক সাক্ষাৎ কৰে। শেহতীয়াকৈ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু আৰু পঞ্জাৱ কিংছৰ মাজত খেলা মেচখনৰ সময়ত এক দৃশ্যই সকলোকে হাঁহিৰ খোৰাক দিছে। মেচখন চলি থকাৰ মাজতে এটা মেকুৰী ষ্টেডিয়ামত উপস্থিত হয়। যাৰ বাবে মেচখন কিছু সময়ৰ বাবে বন্ধ কৰিবলগীয়া হয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। বাংগালুৰুৰ বেটিঙৰ সময়ত ষ্টেডিয়ামৰ স্ক্ৰীণৰ ওপৰত বহিছিল এটা ক’লা মেকুৰী। মেকুৰীটো দেখি আম্পায়াৰে কিছু সময়ৰ বাবে মেচখন বন্ধ কৰি দিয়ে। অৱশ্যে মেকুৰীটো যোৱাৰ পিছতে আৰম্ভ হৈছিল মেচখন।

You might also like