কুতুব মিনাৰ প্রাচীন সৌধ, পূজা-অর্চনাৰ অনুমতি দিব নোৱাৰি, জনালে এএছআয়ে
বিশেষ বাৰ্তা, ২৪ মেঃ কুতুব মিনাৰ এটা সংৰক্ষিত প্রাচীন সৌধ। তাত কোনো পূজা-অর্চনাৰ অনুমতি দিব নোৱাৰি। মঙলবাৰে দিল্লী এখন আদালতত জমা কৰা হলফনামাতা এই কথা কৈছে চৰকাৰী সংস্থা আর্কিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়াই। ১৯০৪-ৰ দ্য এনচিয়েন্ট মনুমেন্টছ প্রিজাৰভেছন এক্টৰ অধীনত ১৯০৯ চনৰ পৰা কুতুব মিনাৰৰ সুৰক্ষা আৰু সংৰক্ষণ কৰি আহিছে এএছআই-এ। তেতিয়াৰ পৰা মিনাৰ আৰু তাৰ আশ-পাশৰ এলেকাৰ কোনো ধৰণৰ পৰিৱর্তন কৰা হোৱা নাই। আইন অনুসৰিও সেয়া অক্ষত ৰাখিব লাগিব। কুতুব মিনাৰ নিৰ্মাণৰ সময়ত সেই এলেকাৰ ২৭টা মন্দিৰ ধ্বংস কৰা হৈছিল বুলি দাবী কৰি সেইবোৰৰ পুনঃনির্মাণৰ আর্জি জনাই দিল্লীৰ সেই আদালতত কেইমাহ পূৰ্বে আবেদন কৰা হৈছিল। এএছআই-এ অৱশ্যে কুতুব মিনাৰ চৌহদত হিন্দু দেৱ-দেৱীৰ নিদর্শন তথা মন্দিৰৰ অংশ বিশেষৰ অস্তিত্ব অস্বীকাৰ কৰা নাই। তাৰ লগতে কৈছে, সেইবোৰ খুব যত্নৰে সুৰক্ষিত কৰা আছে।