🔹 শতাধিক গ্রাহকৰ ৪.৫৮ কোটি লুট বেংক মেনেজাৰৰ
নিউজ ডেস্ক, ৯ জুন : বেংকত গ্রাহকৰ জমাধনৰ নিৰাপত্তা কিমান! বেংক মেনেজাৰেই যদি গ্রাহকৰ একাউণ্টৰ পৰা ধন লুটিবলৈ ধৰে, তেন্তে গ্রাহকসকলে নিজৰ সঞ্চিত ধনৰ নিৰাপত্তা থকা বুলি কেনেদৰে দাবী কৰিব৷
শেহতীয়াকৈ ৰাজস্থানৰ কোটাৰ আইচিআইচিআই বেংকৰ ব্রাঞ্চত এগৰাকী ৰিলেচনশ্বিপ মেনেজাৰে গ্রাহকৰ একাউণ্টৰ পৰা লুট কৰিছে ৪.৫৮ কোটি টকা৷ মুঠ ১১০টা একাউণ্টৰ পৰা মেনেজাৰগৰাকীয়ে এই ধন লুট কৰিছে৷ সাক্ষী গুপ্তা নামৰ মেনেজাৰগৰাকীয়ে একাউণ্টৰ ধন এইদৰে লুণ্ঠন কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে সাক্ষী গুপ্তাক৷
উল্লেখনীয় যে এই বেংক একাউণ্টসমূহৰ পৰা ধনৰ লেনদেন গোপন কৰিবলৈ মেনেজাৰগৰাকীয়ে সলনি কৰি দিছিল মোবাইল নম্বৰ আৰু পিন কোড৷ বেছিভাগ একাউণ্টৰ ধন আছিল ষ্টক মার্কেটৰ বাবে জমা কৰা৷ আৰম্ভণিতে বেংকৰ জ্যেষ্ঠ গ্রাহসকলক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছিল সাক্ষী গুপ্তাই৷ কাৰণ এই গ্রাহকসকলে মোবাইল বেংকিং আৰু ডিজিটেল ব্যৱস্থা সন্দর্ভত বিশেষ কথা জানিবলৈ সক্ষম হোৱা নাছিল৷ সেইবাবে এনে গ্রাহকসকলক লুণ্ঠনৰ প্রথম লক্ষ্য হিচাপে বাছি লৈছিল সাক্ষী গুপ্তাই৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷