নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত সন্ধান বৃহৎ পৰিমাণৰ লিথিয়ামৰ ভঁৰালঃ দেশৰ ৮০ শতাংশ চাহিদা পূৰণৰ সম্ভাৱনা

  • বৈদ্যুতিক যান–বাহন খণ্ডত বিপ্লৱৰ সূচনাৰ সম্ভাৱনা

 

নিয়মীয়া বাৰ্তা, ৯ মে’: দেশৰ বৈদ্যুতিক যান–বাহন খণ্ডত বিপ্লৱৰ সূচনাৰ সম্ভাৱনা উজ্জীৱিত হৈছে৷ জম্মু–কাশ্মীৰৰ পাছত এইবাৰ ৰাজস্থানত বৃহৎ পৰিমাণৰ লিথিয়ামৰ ভঁৰালৰ সন্ধান পোৱা গৈছে৷ ৰাজ্যখনৰ ডেগানাত বৃহৎ পৰিমাণৰ লিথিয়ামৰ ভঁৰালৰ সন্ধান পোৱা বুলি ৰাজ্য চৰকাৰৰ সূত্রত প্রকাশ পাইছে৷ ৰাজস্থানত সন্ধান লাভ কৰা লিথিয়ামৰ ভঁৰালে দেশৰ চাহিদাৰ ৮০ শতাংশ পূর্ণ কৰাৰ সম্ভাৱনা আছে৷ দেশত প্রথমবাৰৰ বাবে যোৱা ফেব্রুৱাৰী মাহত জম্মু–কাশ্মীৰৰ ৰিশিত লিথিয়ামৰ লেখীয়া অতি মূল্যৱান খনিজৰ সন্ধান লাভ কৰাৰ পূর্বে কর্ণাটকতো সামান্য পৰিমাণৰ লিথিয়ামৰ ভঁৰালৰ সন্ধান পোৱা গৈছে৷ বিশ্বত দুষ্প্রাপ্য হিচাপে বিবেচিত লিথিয়ামৰ দ্বাৰা বেটাৰী প্রস্তুত কৰা হয়৷ এই বেটাৰী বৈদ্যুতিক বাহনত ব্যৱহাৰ কৰা হয়৷ দেশৰ চৰকাৰে বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি দেশৰ প্রান্তে প্রান্তে লিথিয়ামৰ সন্ধান চলাই থকাৰ লগতে বিদেশতো এই অভিযান চলাই আছে৷ ৰাজস্থানৰ নাগোৰ জিলাৰ ডেগানাত কিমান পৰিমাণৰ লিথিয়ামৰ সন্ধান পাইছে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও লিথিয়ামৰ ভঁৰালখিনিয়ে দেশৰ বৈদ্যুতিক যান–বাহনত বিপ্লৱৰ সূচনা কৰাটো নিশ্চিত৷ ২০৩০ চনৰ ভিতৰত দেশত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ ৩০ শতাংশ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে যদিও বৈদ্যুতিক বাহনৰ মূল কাৰক লিথিয়াম বেটাৰী প্রস্তুতৰ ক্ষেত্রত লিথিয়াম পর্যাপ্ত নোহোৱাৰ বাবে জটিলতাৰ সন্মুখীন হৈ আছে৷ উল্লেখ্য যে বিশ্বৰ ৪৭ শতাংশ লিথিয়ামৰ উৎপাদন হয় অষ্ট্রেলিয়াত, ৩০ শতাংশ চিলিত আৰু ১৫ শতাংশ চীনত৷ কিন্তু চীনে এই লিথিয়াম খনিৰ পৰা সংসাধনেৰে ৫৮ শতাংশ বর্তমান উৎপাদন কৰি আছে৷ ইয়াৰ বিপৰীতে চিলিয়ে ২৯ শতাংশ আৰু ১০ শতাংশ আর্জেণ্টিয়াই উৎপাদন কৰে৷ জম্মু–কাশ্মীৰৰ পাছত ৰাজস্থানতো বৃহৎ পৰিমাণৰ লিথিয়ামৰ ভঁৰালৰ সন্ধানে দেশলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে৷ সম্প্রতি ভাৰতে লিথিয়ামৰ আমদানিৰ ওপৰতে নির্ভৰশীল হৈ থকা বাবে পৰিকল্পনা মতে বৈদ্যুতিক বাহনৰ প্রচলন বৃদ্ধি কৰিব পৰা নাই৷ দেশত মাত্র ১ শতাংশহে বৈদ্যুতিক বাহনৰ চলাচল হৈ আছে৷

You might also like