নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান গেমছলৈ যোগ্যতাঃ অস্মিতা চলিহালৈ অভিনন্দন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা, ৯ মে’: এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰিছে অসমৰ তাৰকা শ্বাটলাৰ অস্মিতা চলিহাই৷ এছিয়ান গেমছৰ বাবে অনুষ্ঠিত বাছনি প্রতিযোগিতাত অসম কন্যাই মহিলাৰ ছিংগলছত শীর্ষস্থান দখল কৰি প্রতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰে৷ মহিলাৰ ছিংগলছত অস্মিতাই শীর্ষস্থান লাভ কৰাৰ বিপৰীতে অনুপমা উপাধ্যায়ে দ্বিতীয় স্থান লাভ কৰে৷ অহা ২৩ ছেপ্ঢেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনত মহিলাৰ ছিংগলছত দেশক প্রতিনিধিত্ব কৰিব অস্মিতাৰ লগতে পি ভি সিন্ধু, অনুপমা উপাধ্যায় আৰু মালবিকা বানছডে৷ অস্মিতা আৰু সিন্ধুৱে মহিলাৰ ছিংগলছ আৰু ডাবলছত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ অসমৰ দ্বিতীয়গৰাকী শ্বাটলাৰ হিচাপে আসন্ন এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰা অস্মিতাক এই সফলতাৰ বাবে শুভেচ্ছা জনাইছে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়ান গেমছত ভাৰতীয় দলক প্রতিনিধিত্ব কৰিব অসম কন্যাই৷ ইয়াৰ পূর্বে ইণ্ডোনেছিয়াত ২০১৮ চনত অনুষ্ঠিত বিগত এছিয়ান গেমছতো অস্মিতাই অংশগ্রহণ কৰিছিল৷ উল্লেখ্য যে অস্মিতা হ’ল এছিয়ান গেমছ খেলা অসমৰ দ্বিতীয়গৰাকী শ্বাটলাৰ৷ ১৯৮৬ চনত ছিউলত অনুষ্ঠিত এছিয়ান গেমছত অসমৰ প্রথমগৰাকী বেডমিণ্টন খেলুৱৈৰূপে দেশক প্রতিনিধিত্ব কৰিছিল মল্লিকা বৰুৱা শর্মাই৷ আসন্ন এছিয়ান গেমছৰ বাবে ভাৰতীয় দল বাছনি কৰিবলৈ হায়দৰাবাদৰ জ্বালা গুট্টা বেডমিণ্টন একাডেমীত ট্রায়েল অনুষ্ঠিত হয়৷ অস্মিতাই আটাইকেইখন মেচতে জয়লাভ কৰি এছিয়ান গেমছৰ বাবে টিকট নিশ্চিত কৰে৷ ছাউথ এছিয়ান গেমছত দুটাকৈ স্বর্ণ লাভ কৰা অস্মিতাই আমন্ত্রণমূলক আন্তর্জাতিক প্রতিযোগিতাতো ভাৰতীয় দলক প্রতিনিধিত্ব কৰি পদক জয় কৰিছে৷ অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদসহ বিষয়ববীয়াসকলে অস্মিতাক শুভেচ্ছা জনাইছে৷

You might also like