‘ৰণলিয়া’ৰ বিয়াৰ ব্যাপক প্রস্তুতি মুম্বাইত
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ অৱশেষত সকলো জল্পনা–কল্পনাৰ অন্ত পৰিছে৷ বলীউডৰ দুই চেলিব্রিটী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে৷ অহা শুকুৰবাৰে তাজমহল হোটেলত অনুষ্ঠিত হ’ব দুয়োগৰাকীৰ বিবাহ৷ নিশ্ছিদ্র নিৰাপত্তাৰ মাজত এই বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ লক্ষণীয়ভাৱে ৰণবীৰ–আলিয়াই ‘ৰণলিয়া’ হিচাপে যুগ্মজীৱনৰ পাতনি মেলিবলৈ ওলোৱা বিষয়টোক লৈ দুই অভিনেতা–অভিনেত্রীৰ অনুৰাগীসকলৰ মাজত বিশেষ চর্চা চলিছে৷ বলীউডৰ খবৰ অনুযায়ী বিবাহ অনুষ্ঠানত যাতে কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবেই কইনা আলিয়াৰ ভাতৃ ৰাহুল ভাটে নিৰাপত্তাৰ দিশটো চোৱা–চিতা কৰিব৷ ড্রোন উৰুৱাই আকাশ পথেৰে নজৰদাৰীৰো ব্যৱস্থা কৰা হ’ব এই বিবাহ অনুষ্ঠানত৷ অতিথি হিচাপে কোন কোন উপস্থিত থাকিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও বলীউডৰ বহুসংখ্যক চেলিব্রিটীয়ে এই বহু আকাংক্ষিত বিয়াত উপস্থিত থাকিব বুলি ধাৰণা কৰা হৈছে৷