নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাৰ উদীয়মান কণ্ঠশিল্পী শ্যামলীমা শইকীয়াৰ নতুন গীত ‘ৰচকী পখিলা’ৰ আনুষ্ঠানিক শুভমুক্তি

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল : ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমীয়া সংগীত জগতত এক নতুন সংযোজন। বৰহোলাৰ উদীয়মান কণ্ঠশিল্পী শ্যামলীমা শইকীয়াৰ ‘ৰচকী পখিলা’ নামেৰে এটি নতুন বিহুসুৰীয়া আধুনিক গীতৰ শুভমুক্তি হয়। বৰহোলাৰ ৰঙালী বিহু উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয়ত সোমবাৰে সন্ধিয়া মুক্তি লাভ কৰা গীতটিৰ উন্মোচন কৰে বৰহোলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অমল সোণোৱালে। উন্মোচনৰ পূৰ্বে বন্তি প্ৰজ্বলৰ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক, জ্যেষ্ঠ সাংবাদিক হৰেণ গগৈয়ে। যুৱকৰ্মী বিজয় হাজৰিকাই আঁত ধৰা উন্মোচনী অনুষ্ঠানটোত বৰহোলাৰ সমাজকৰ্মী ক্ৰমে বিবুল হাজৰিকা, তৰুণ সোণোৱাল, দিপাংক বৰা, পদ্ম ৰাজখোৱা, দেৱানন্দ বৰুৱা, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, যুৱকৰ্মী পিংকু শইকীয়া, ধ্ৰুৱজিৎ পাঠক, দেৱজিৎ পাঠক আদি উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে ‘ৰচকী পখিলা’ গীতটোত কণ্ঠশিল্পী শ্যামলীমা শইকীয়াক সহযোগ কৰিছে শতাব্দী শইকীয়াই। গীতটোৰ কথা, সুৰ শোণিত গগৈ আৰু অংশুৰাজ কাশ্যপৰ। সংগীত তৰুণ তন্ময়ৰ। শব্দ সংমিশ্ৰণত আছে দিগন্ত বৰদলৈ। ইতিমধ্যে গীতটি নিজা ইউটিউৱ চেনেল ‘শ্যামলী এণ্ড শতাব্দী’ত আপলোড কৰিছে। গীতটি অসমৰ ৰাইজে আদৰি ল’ব বুলি আশাবাদী কণ্ঠশিল্পী শ্যামলীমা শইকীয়া।

প্ৰেৰক : অজয় শইকীয়া, নগাবাট

You might also like