🔹 ইউএছ–ইণ্ডিয়া বিজনেছ কাউন্সিলৰ শোক প্রকাশ
নিউজ ডেস্ক, ১০ অক্টোবৰ : টাটা গ্রুপছৰ প্রাক্তন অধ্যক্ষ, উদ্যোগপতি, সমাজকর্মী ৰতন টাটাৰ বিয়োগত আমেৰিকা যুক্তৰাষ্ট্রতো শোকৰ ছাঁ পৰিছে৷ ইউএছ–ইণ্ডিয়া বিজনেছ কাউন্সিল চমুকৈ ইউএছআইবিচিয়ে উদ্যোগপতি ৰতন টাটাৰ বিয়োগত শোক প্রকাশ কৰি প্রয়াত ৰতন টাটাৰ আত্মাৰ সদ্গতি কামনা কৰে৷ ইউএছআইবিচিৰ অধ্যক্ষ অতুল কাশ্যপে পদ্ম বিভূষণ বিজয়ী উদ্যোগপতি ৰতন টাটাৰ বিয়োগত শোক প্রকাশ কৰি কয়- ৰতন টাটা আছিল ভাৰতৰ ব্যতিক্রম আৰু এগৰাকী সম্ভ্রান্ত সন্তান৷ গতিশীলতা আৰু কর্মশীলতাৰ ৰোল মডেল ৰতন টাটাই তেওঁৰ উদ্যোগ প্রতিষ্ঠানক আন্ত:ৰাষ্ট্রীয় পর্যায়লৈ উন্নীত কৰাই নহয়, দেশৰ সমৃদ্ধি আৰু বিকাশতো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ মানৱতাৰ অমূল্য নিদর্শন দেখুওৱা উদ্যোগপতি টাটাই তেওঁৰ সতীর্থ আৰু ব্যৱসায়িক অংশীদাৰৰ সৈতেও অতি সৌহাৰ্দ্যপূর্ণ ব্যৱহাৰেৰে হৃদয় জয় কৰিছিল৷ কর্মচাৰীৰ প্রতি তেওঁৰ আছিল অদম্য মৰম ৷ দেশৰ লগতে মানৱতাক প্রাধান্য দিয়া টাটা আনকি জন্তুৰ প্রতিও দয়াশীল আছিল৷ মানৱ জাতিৰ কল্যাণৰ হকে তেওঁ কর্কট হাস্পতাল স্থাপন কৰাৰ লগতে টাটা হাউছত কুকুৰৰ সেৱা–শুশ্রূষাৰ বাবে কেন্দ্র স্থাপন কৰিছিল৷ তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি৷