নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি)ত কাৰচাজি কৰা গোচৰত গ্রেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য কার্যবাহী বিষয়া (চিই’) বিকাশ খানচানডানিক আজি জামিনত মুক্তি দিছে মুম্বাইৰ এক দণ্ডাধীশৰ আদালতে৷ দেওবাৰে ৰিপাব্লিক টিভিৰ চিই’গৰাকীক গ্রেপ্তাৰ কৰা হৈছিল৷ ৫০ হাজাৰ টকাৰ জামিন লৈ খানচানডানিক মুম্বাইৰ এছপ্লানাডেৰ মুখ্য মেট্র’পলিটান দণ্ডাধীশে জামিনত মুক্তি দিছে৷ উল্লেখনীয় যে কালি সত্র ন্যায়ালয়ৰ দণ্ডাধীশ বিই কঠালিকাৰে ৰিপাব্লিক টিভিৰ চি এফ অ’ এছ সুন্দৰমৰ আগতীয়া জামিন আবেদনৰ শুনানি গ্রহণৰ পিছতেই আজি এছপ্লানাডেৰ আদালতে জামিন মঞ্জুৰ কৰিছে খানচানডানিৰ৷