নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ুসেনাই লাভ কৰিব ৬ অত্যাধুনিক বিমান

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ  চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানে সীমান্তত আগ্রাসী মনোভাব গ্রহণ কৰাৰ পৰিপ্রেক্ষিতত দেশৰ সশস্ত্র বাহিনীক শক্তিশালী আৰু আধুনিকীকৰণ কৰা প্রক্রিয়া অব্যাহত ৰাখিছে৷ প্রতিৰক্ষা শিতানত বাজেট বৃদ্ধি কৰাৰ সমান্তৰালকৈ তিনি সেনাৰ উপ–মুৰব্বীৰ জৰুৰীকালীন বিত্তীয় ক্ষমতাও বৃদ্ধি কৰা হৈছে৷ লাডাখৰ এল এ চিত চীনৰ সৈতে সংঘাত অব্যাহত থকাৰ সময়তে অত্যাধুনিক ৰাফেল যুদ্ধ বিমান বায়ুসেনা বাহিনীত অন্তর্ভুক্ত কৰাৰ পিছত এইবাৰ চীন–পাকিস্তানৰ সীমান্তত নিৰীক্ষণৰ বাবে অত্যাধুনিক বিমান যোগান ধৰা হ’ব ভাৰতীয় বায়ুসেনা বাহিনীক৷ ‘মেইড ইন ইণ্ডিয়া’ৰ অধীনত বায়ু সেনাবাহিনীত দুই দেশৰ সীমান্তত নিৰীক্ষণৰ বাবে ১০,৫০০ কোটি ব্যয় সাপেক্ষে ছয় অত্যাধুনিক বিমান যোগান ধৰা হ’ব৷

প্রতিৰক্ষা মন্ত্রালয়ৰ শীর্ষ সূত্রত প্রকাশ পোৱা মতে ডি আৰ ডি অ’ই উৰণ সংস্থা এয়াৰ ইণ্ডিয়াৰ সৈতে মিলিত হৈ এই ছয়খন বিমান নির্মাণ কৰিব৷ বিমানকেইখনক এয়াৰব’ন আর্লী ৱার্নিং এণ্ড কণ্ড্রোল ব্লক ২ বিমান হিচাপে জনা যাব৷ এই বিমানকেইখন নেত্র বিমানতকৈ শক্তিশালী হ’ব আৰু ইয়ে ৩৬০ ডিগ্রী সাঙুৰি ল’ব পাৰিব৷ অতি সহজতে এই বিমানকেইখন অভিযানৰ সময়ত শত্রুৰ ভূখণ্ডত প্রৱেশ কৰিব পাৰিব৷ প্রতিৰক্ষা খণ্ডত ‘মেইড ইন ইণ্ডিয়া’ আৰু আত্মনির্ভৰ ভাৰতক প্রোৎসাহিত কৰাৰ লক্ষ্যৰে এই বিমানকেইখন ডি আৰ ডি অ’ই নির্মাণ কৰিব৷ অৱশ্যে পিছলৈ এই ছয় বিমান উচ্চ ক্ষমতাসম্পন্ন ৰাডাৰ অন্তর্ভুক্তিৰ বাবে ইউৰোপীয় দেশলৈ লৈ যোৱা হ’ব৷ তাতেই পূর্ণাংগ ৰূপ দি পিছলৈ বায়ুসেনাক গতোৱা হ’ব৷

You might also like