নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লুটেৰী দুলহন’ ! তিনিবাৰ বিয়া, সংগ্রহ ১.২৫ কোটি টকা

🔹 আৰক্ষীৰ জালত আঢ্যৱন্ত লোকক প্রতাৰণা কৰা মহিলা

নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : সম্ভ্রান্ত লোকৰ সৈতে বৈবাহিক সম্পর্ক স্থাপন কৰি ধন সৰকোৱা এগৰাকী মহিলাক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে এই মহিলাগৰাকীৰ নাম ৰাখিছিল ‘লুটেৰী দুলহন’৷ প্রায় এটা দশক ধৰি কেইবাজনো পুৰুষৰ লগত বৈবাহিক সম্পর্ক স্থাপন কৰি ১.২৫ কোটি টকা সৰকাইছিল মহিলাগৰাকীয়ে৷ সীমা ওৰফে নিকি নামৰ এই মহিলাগৰাকী উত্তৰাখণ্ডৰ বাসিন্দা৷ ২০১৩ চনত মহিলাগৰাকী আগ্রাৰ এগৰাকী ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ ইয়াৰ কেইমাহমান পিছতে মহিলাগৰাকীয়ে স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ তৰি ৭৫ লাখ টকা আদায় কৰিছিল৷ অর্থাৎ এই ধন ক্ষতিপূৰণ হিচাপে আদায় কৰিছিল মহিলাগৰাকীয়ে৷ ২০১৭ চনত সীমাই এগৰাকী ছফ্টৱেৰ অভিযন্তাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ গুৰুগ্রামৰ এই অভিযন্তাগৰাকীৰ সৈতেও বৈবাহিক সম্পর্কৰ বিচ্ছেদ ঘটায় মহিলাগৰাকীয়ে৷ অভিযন্তাগৰাকীৰ পৰা ১০ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে আদায় কৰে এই লুটেৰী দুলহনে৷ ইয়াৰ পিছত ২০২৩ চনত জয়পুৰৰ এগৰাকী ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হয় সীমা৷ কিন্তু কিছুদিন পিছতেই ব্যৱসায়ীগৰাকীৰ ঘৰৰ পৰা নগদ ধন আৰু অলংকাৰসহ মুঠ ৩৬ লাখ টকা লৈ পলায়ন কৰে সীমাই৷ ইয়াৰ পিছতে জয়পুৰৰ ব্যৱসায়ীগৰাকীৰ পৰিয়ালে সীমাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়ে৷ আৰক্ষীয়ে দীর্ঘদিন ধৰি তদন্ত চলোৱাৰ পিছত মহিলাগৰাকীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে মেট্রিমনিয়েল ছাইটত গৈ বিবাহ বিচ্ছেদ হোৱা পুৰুষ বা পত্নীহাৰা লোকসকলৰ সৈতে সম্পর্ক গঢ়ি তোলে মহিলাগৰাকীয়ে৷ আৰক্ষীয়ে এই মেট্রিমনিয়েল ছাইটৰ সহায় লৈয়েই সীমাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বর্তমান ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে সীমা৷

You might also like