নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: বিহাৰৰ কিষাণগঞ্জত আজমেৰ–কিষাণগঞ্জ গৰিব নৱাজ এক্সেপ্রেছৰ দবাত বিৰল প্রজাতিৰ ৬৭টা জীৱন্ত কাছ উদ্ধাৰ কৰিছে আৰপিএফে৷ বিৱৰণী মতে, আৰপিএফৰ দলে উক্ত ৰে’লখনৰ ৫ নম্বৰ দবাত নিয়মীয়া তালাচীৰ সময়ত ৭টা পৰিত্যক্ত বেগত ৬৭টা জীৱন্ত কাছ উদ্ধাৰ কৰে৷ আজমীৰৰ পৰা অহা ৰে’লখনত আৰপিএফে কাছকেইটা উদ্ধাৰ কৰিছে যদিও এই কাছ সৰবৰাহকাৰী কোনো ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷ আৰপিএফে উদ্ধাৰ কৰা কাছকেইটা ইতিমধ্যে জিলা বন বিষয়াৰ হাতত অর্পণ কৰিছে আৰু এই কাছকেইটা ক’ৰ পৰা কোনে আনিছিল, তাক লৈ অনুসন্ধান চলাই থকা হৈছে৷ উল্লেখ্য যে ভাৰতীয় কাছ বিদেশৰ ক’লা বজাৰলৈ সৰবৰাহ কৰা হয়৷ প্রাৰম্ভিক তদন্তত এই কাছকেইটাও বিদেশৰ বজাৰলৈ প্রেৰণৰ বাবে কোনো অসাধু লোকে আনিছিল বুলি বন বিভাগে প্রকাশ কৰিছে৷