নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত বৃদ্ধি পাইছে টমাটো ফ্লুত আক্রান্ত ৰোগীৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: ভাৰতত টমাটো ফ্লুত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন চিকিৎসক৷ কেৰালা আৰু ওড়িশাত নতুন ধৰণৰ এই টমাটো ফ্লুত আক্রান্ত ৰোগীৰ দেহত ৰঙা অতি বিষদায়ক টেমুনাৰ সৃষ্টি হয়৷ ই দেখিবলৈ টমাটোৰ লেখীয়া৷ হাত–ভৰি–পিঠি আৰু মুখতো এই ধৰণৰ ৰঙা টেমুনা হয়৷ লানছেট ৰেছপিৰেটৰী জার্নেলৰ তথ্য অনুসৰি, কেৰালাৰ কোলামত যোৱা ৬ মে’ত টমাটো ফ্লুত আক্রান্ত হোৱা ৮২জন শিশু চিনাক্ত কৰা হৈছিল৷ এই শিশুসকলৰ বয়স ৫ বছৰ অনূর্ধ্বৰ৷ ক’ভিড ১৯ৰ চতুর্থ জোৱাৰৰ ভয়াৱহতা হ্রাস পোৱাৰ সময়তে কেৰালাত টমাটো ফ্লুত আক্রান্ত শিশুৰ সংখ্যা বৃদ্ধি পোৱাক লৈ লানছেটে সকীয়নি প্রদান কৰি এই টমাটো ফ্লুক লৈ চৰকাৰক সজাগ আৰু সতর্ক হোৱাৰ পৰামর্শ দিছে৷

You might also like