নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ১২২টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটযুদ্ধ

নিউজ ডেস্ক, ১১ নৱেম্বৰ : আজি বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনত ১২২টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ। এই ভোটদান সন্ধিয়া ৬ বজালৈকে চলিব।

অন্তিম পর্যায়ৰ আজিৰ এই ভোটগ্ৰহণত ৰাজ্যখনৰ ২০খন জিলাৰ ৩ কোটি ৭০ লাখৰো অধিক ভোটাৰে ১৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। এইসকলৰ ভিতৰত নীতিশ কুমাৰ মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰীও আছে।

উল্লেখ্য যে আজি অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ৫৯৫টা ভোটকেন্দ্র কেৱল মহিলা বিষয়া-কৰ্মীৰ দ্বাৰা পৰিচালিত হৈছে। তদুপৰি ৩১৬টা আদর্শ ভোটগ্রহণ কেন্দ্রও স্থাপন কৰা হৈছে। ৰাজ্যখনত ৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল প্রথম পৰ্যায়ৰ ভোটগ্রহণ। আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত অহা ১৪ নৱেম্বৰত ভোটগণনা হ’ব।

উল্লেখ্য যে প্ৰায়বোৰ সমষ্টিতে এন ডি এ আৰু মহাগোটবন্ধনৰ প্ৰাৰ্থীৰ মাজত প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। নির্বাচন আয়োগে বিহাৰৰ দ্বিতীয় পৰ্যায়ৰ নির্বাচন শান্তিপূর্ণ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিছে।

You might also like