🔹 ঝাৰখণ্ড সীমান্তৱর্তী অঞ্চলত কেইবাটাও বাহিনীৰ যৌথ অভিযান
নিউজ ডেস্ক, ৩ জুন : মাওবাদীয়ে লুট কৰা ২.৫ টনতকৈ অধিক বিস্ফোৰক উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে৷ কালি এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে৷ ওড়িশাৰ সুন্দৰগড় জিলাৰ পৰা মাওবাদীয়ে এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী এখন ট্রাকসহ লুট কৰিছিল৷ জ্যেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, এই বিস্ফোৰক সামগ্রী কালি উদ্ধাৰ কৰা হৈছে৷ ওড়িশা–ঝাৰখণ্ড সীমান্তত অভিযান চলাইছিল ছত্তিশগড়ৰ বিশেষ অভিযানকাৰী গোট, চিআৰপিএফ, জাগুৱাৰ বাহিনী আৰু সুন্দৰগড়ৰ জিলা স্বেচ্ছাসেৱক বাহিনীয়ে৷ উল্লেখনীয় যে ২৭ মে’ত মাওবাদীৰ ২৫জনীয়া দলে ট্রাকসহ এই বিস্ফোৰক সামগ্রী লুট কৰিছিল৷ ২৮ মে’ৰ পৰা লুট হোৱা সামগ্রীৰ সন্ধানত অভিযান চলাইছিল কেইবাটাও বাহিনীয়ে৷ কালি দুয়োখন ৰাজ্যৰ সীমান্তত এই বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হয় যদিও এই সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা নাই আৰক্ষীয়ে৷ স্মর্তব্য যে পাথৰ কোৱেৰীত ব্যৱহাৰৰ বাবে অনা বিস্ফোৰক সামগ্রী ট্রাকসহ লুট কৰিছিল মাওবাদীয়ে৷