নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ সমস্যাক গুৰুত্ব দিবলৈ সময় নাই নৰেন্দ্র মোদী চৰকাৰৰ: শাৰদ পাৱাৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ মহাৰাষ্ট্রৰ মুম্বাইৰ আজাদ ময়দানত কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন বাতিলৰ দাবীত ৰাজভৱনলৈ সমদল উলিওৱাৰ পূর্বে সমৱেত হোৱা কৃষকসকলৰ সৈতে  মতবিনিময় কৰে প্রধান ৰাজনৈতিক দলৰ নেতাসকলে৷ শিৱসেনাৰ কোনো এগৰাকী নেতাই আজাদ ময়দানৰ এই সমাৱেশত অংশগ্রহণ নকৰিলে যদিও দলটোৱে যুৱ শাখাৰ নেতা ৰাহুল লন্ধেক প্রতিনিধি হিচাপে প্রেৰণ কৰে৷

দিল্লী সীমান্তত প্রতিবাদ কৰি থকা কৃষকসকলৰ প্রতি একতা প্রদর্শন কৰি উলিওৱা এই সমদলত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে উল্লেখ কৰে যে বিজেপিয়ে তিনিওখন কৃষি আইন সংসদত কোনো ধৰণৰ বিতর্ক অবিহনেই গৃহীত কৰিছে৷ ৰাজ্যসমূহৰ কৃষিমন্ত্রীসকল এই বিষয়টো সন্দর্ভত পূর্বে অৱগত হ’ব লাগিছিল যদিও মোদী চৰকাৰে এইক্ষেত্রত গুৰুত্ব প্রদান নকৰিলে৷

কেন্দ্রৰ শাসনত থকা বিজেপি তথা এন ডি এৰ কৃষকৰ সমস্যা সন্দর্ভত বুজ লোৱাৰ সময় নাই বুলিও উল্লেখ কৰে পাৱাৰে৷ অভিনেত্রী কংগনা ৰানাৱতক আলোচনাৰ বাবে সময় দিয়া বিজেপি চৰকাৰে কৃষকৰ সৈতে সদিচ্ছাৰে আলোচনা কৰিব নিবিচৰাটো পৰিতাপৰ কথা বুলিও উল্লেখ কৰে পাৱাৰে৷

You might also like