নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে নেতৃত্ব শীঘ্রে সলনি কৰকঃ শশী থাৰুৰ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ পঞ্জাবত শাসন চলাই থকা কংগ্রেছৰ দলীয় অন্তর্কন্দলৰ মাজতে কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা তিনিবাৰৰ সাংসদ শশী থাৰুৰে শীঘ্রেই কংগ্রেছে নেতা সলনি কৰিব লাগে বুলি দাবী জনাইছে৷

কংগ্রেছৰ নেতৃত্ব সলনিৰ বাবে ছোনিয়া গান্ধীলৈ পত্র প্রেৰণ কৰা ২৩ জ্যেষ্ঠ কংগ্রেছ নেতাৰ অন্যতম শশী থাৰুৰে আজি এৰনাকুলামত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত কয় যে কংগ্রেছ দলে শীঘ্রেই নতুন নেতা নির্বাচন কৰা উচিত৷ অর্থাৎ কংগ্রেছে শীঘ্রে নেতা সলনি কৰিব লাগে৷ তিৰুৱনন্তপুৰমৰ তিনিবাৰৰ সাংসদ থাৰুৰে অৱশ্যে এই কথাও উল্লেখ কৰে যে যদি ৰাহুল গান্ধীয়ে নেতৃত্ব ল’ব বিচাৰে, তেতিয়াহ’লে শীঘ্রেই সেয়া হোৱা উচিত৷

ছোনিয়া গান্ধীৰ বিৰুদ্ধে কোনেও এটা শব্দ উচ্চাৰণ নকৰা বুলি উল্লেখ কৰি থাৰুৰে কয় যে ছোনিয়া গান্ধীয়ে নিজেই নেতৃত্বৰ পৰা আঁতৰি যাবলৈ ইচ্ছা কৰিছে৷ গতিকে ইয়াৰ পিছতেই নতুন নেতৃত্বৰ দায়িত্ব প্রদান কৰিব লাগে৷ দলক গতিশীল কৰাৰ বাবে সৰৱ থাৰুৰৰ এই মন্তব্য ব্যাপকভাৱে চর্চিত হৈছে৷

You might also like