নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছনু সুদৰ বিৰুদ্ধে ২০ কোটিৰ কৰফাঁকিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ অভিনেতা ছনু সুদৰ মুম্বাইস্থিত বাসগৃহকে ধৰি তেওঁৰ সৈতে জড়িত কোম্পানীৰ ২৮ স্থানত কেইবাদিন ধৰি অভিযান চলাই থকা আয়কৰ বিভাগে অভিনেতা সুুদ আৰু তেওঁৰ সহযোগীয়ে ২০ কোটি টকাৰ কৰফাঁকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে৷

বিগত বর্ষত ক’ভিড–১৯ লকডাউনৰ সময়ছোৱাত প্রব্রজিত শ্রমিকক নিজৰ পকেটৰ ধন খৰচ কৰি নিজগৃহলৈ ওভতাই পঠিয়াই মানৱদৰদী আখ্যা পোৱা অভিনেতা সুদক দিল্লীৰ আপ চৰকাৰে শিক্ষা আঁচনিত ব্রেণ্ড এম্বেছাডৰ হিচাপে মনোনীন কৰাৰ পিছতেই আয়কৰ বিভাগে অভিনেতাগৰাকীৰ বাসগৃহকে ধৰি কেইবাটাও স্থানত অভিযান চলায়৷

মুম্বাইৰ বাসগৃহ আৰু অভিনেতাজন জড়িত লক্ষ্ণৌস্থিত আন্তঃগাঁথনি নির্মাণ কোম্পানীৰ চৌহদত অভিযান চলোৱাৰ পিছত আয়কৰ বিভাগে কাণপুৰ, জয়পুৰ, দিল্লী আৰু গুৰগাঁৱৰ কেইবাটাও স্থানত অভিযান চলায়৷ এই অভিযানৰ সময়ত অভিনেতাজনে কৰফাঁকি দিয়াৰ তথ্য লাভ কৰা বুলি বিভাগে দাবী কৰিছে৷

You might also like