নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ মনমোহন সিঙৰ ৮৮সংখ্যক জন্মদিনত শুভেচ্ছা মোদীৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দুবাৰৰ প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ ৮৮সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ টুইটাৰত প্রধানমন্ত্রী মোদীয়ে ড০ সিঙক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ দীর্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰে৷ ২০০৪ৰ পৰা ২০১৪লৈকে ইউপিএ চৰকাৰৰ প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰা ড০ সিং এগৰাকী অর্থনীতিবিদ হিচাপেও সুপৰিচিত৷

কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে প্রাক্তন প্রধানমন্ত্রী ড০ সিঙৰ জন্মদিনত শুভেচ্ছা জনায়৷ দেশে তেওঁৰ দৰে এগৰাকী প্রধানমন্ত্রীৰ অনুপস্থিতি অনুভৱ কৰিছে বুলি কয় ৰাহুল গান্ধীয়ে৷

আনপিনে, কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী পি চিদাম্বৰমে প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙক ভাৰতৰত্ন প্রদান কৰিব লাগে বুলি তেওঁৰ জন্মদিনৰ দিনাই দাবী উত্থাপন কৰিছে৷ পদ্মবিভূষণকে ধৰি দেশৰ কেইবাটাও বঁটা লাভ কৰা প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ জন্মদিনটোত টুইটাৰযোগে দেশৰ ৰাজনীতিসকলে শুভেচ্ছা জ্ঞাপন কৰে৷

You might also like