নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভেকচিনৰ পূর্বে বিশ্বত ২০ লাখৰ মৃত্যু ঘটিব

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ ভেকচিনৰ সফল প্রয়োগৰ পূর্বে বিশ্বজুৰি ২০ লাখ লোক মৃত্যুমুখত পৰিব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সেৱাৰ মুৰব্বী মাইক ৰিয়ানে এই উদ্বেগজনক মন্তব্য আগবঢ়াইছে৷ কালি জেনেভাস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ কার্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত ৰিয়ানে কয় যে মহামাৰী ভাইৰাছটো নির্মূল কৰিবলৈ পদক্ষেপ গ্রহণ কৰিলেও ক’ভিড–১৯ৰ ভেকচিনৰ সফল প্রয়োগ বহুলভাৱে কৰাৰ পূর্বে বিশ্বজুৰি মৃতকৰ সংখ্যা ২০ লাখৰ ওচৰ চাপিব৷ মুৰব্বীগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে মৃত্যু ঘটা লোকৰ সংখ্যা অকল্পনীয়৷ কিন্তু দুখজনকভাৱে এয়ে হ’বলৈ গৈ আছে৷

উল্লেখ্য যে চীনত প্রার্দুভাৱ ঘটা ক’ভিড–১৯ৰ সংক্রমণ ৯ মাহ ধৰি দ্রুতগতিত অব্যাহত আছে৷ ইয়াৰ ফলত ৩ কোটিতকৈ অধিক লোক আক্রান্ত হৈছে আৰু প্রাণ হেৰুৱাইছে প্রায় ১০ লাখ লোকে৷ বিশ্বৰ বিভিন্ন দেশত প্রথম পর্যায়ৰ ক’ভিড–১৯ৰ সংহাৰ নিয়ন্ত্রণলৈ আহিছে যদিও সেই দেশসমূহত পুনৰ দ্বিতীয় পর্যায়ৰ সংক্রমণ আৰম্ভ হৈছে৷ ইয়াকে লৈ বিশ্ব স্বাস্থ্য সংস্থা উদ্বিগ্ণ হৈ পৰিছে৷ তাৎপর্যপূর্ণ যে ৰাষ্ট্রসংঘৰ অধীনৰ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড–১৯ৰ ভেকচিনৰ পৰীক্ষণৰ অন্তিম পর্যায়ৰ লগতে কিছুসংখ্যক ভেকচিনৰ প্রাৰম্ভিক পৰীক্ষণ আৰম্ভ হৈছে বুলি উল্লেখ কৰি নিজস্ব ৱেবছাইটত তথ্যসমূহ আপলোড কৰিছে৷ একাংশই ক’ভিড–১৯ৰ ভেকচিন বিকশিত দেশে চলিত বর্ষৰ শেষলৈ মুকলি কৰিব পাৰিব বুলি ঘোষণা কৰিলেও একাংশ বিজ্ঞানীয়ে ভেকচিন ২০২১ৰ মধ্য ভাগতহে উপলব্ধ হ’ব বুলি আশা ব্যক্ত কৰিছে৷

You might also like