নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন বীমাৰ এক কোটি টকাৰ লোভত ভগ্নীক হত্যা

🔹 আৰক্ষীৰ জালত ককায়েক

নিউজ ডেস্ক, ৩১ জানুৱাৰী : ভগ্ণীৰ মৃত্যু হ’লে পাব ১ কোটি টকাৰ জীৱন বীমা৷ এই ধনৰ লোভত নিজৰ ভগ্ণীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিল ককায়েকৰ বিৰুদ্ধে৷ চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে অন্ধ্রপ্রদেশৰ প্রকাশম জিলাৰ প’ডিলি থানা অঞ্চলত৷ ঘটনাৰ তদন্তত নামি ৩০ বছৰ বয়সীয়া অভিযুক্তক মালাপাট্টি অশোক কুমাৰক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, এই হত্যাকাণ্ড সংঘটিত হৈছিল যোৱা বছৰৰ ২ ফেব্রুৱাৰীত৷ দীর্ঘদিন ধৰি তদন্ত চলোৱাৰ পিছত মূল হত্যাকাৰীক চিহ্ণিত কৰে আৰক্ষীয়ে৷ পৰহি অভিযুক্ত হত্যাকাৰীৰ নাম প্রকাশ কৰে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, বিবাহ বিচ্ছেদিতা নিঃসন্তান যুৱতীৰ একাধিক সংস্থাৰ জীৱন বীমা কৰা আছিল৷ এই বীমাসমূহৰ মিলিত ধনৰ পৰিমাণ ১ কোটি টকাৰো বেছি৷ গতিকে, ৰিয়েল ইষ্টেট ব্যৱসায়ী অশোকে নিজৰ ভগ্ণীক এই ধনৰ লোভত হত্যা কৰে৷ উল্লেখনীয় যে ভগ্ণীক ক’ল্ড ড্রিংকছৰ লগত প্রচুৰ পৰিমাণে নিদ্রা অহা দৰব খুৱাই দিছিল অশোকে৷ ইয়াৰ ফলতেই অশোকৰ ভগ্ণীৰ মৃত্যু হয়৷ দীর্ঘদিনীয়া তদন্তৰ পিছত অশোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷

You might also like