নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত ৬ মাওবাদী

🔹 ২০২৬ত ভাৰতক নক্সালমুক্ত কৰাৰ লক্ষ্য

নিউজ ডেস্ক, ১৯ জুলাই : ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত নিৰাপত্তা বাহিনীৰে সংঘর্ষত ৬ দুর্ধর্ষ মাওবাদী নিহত হয়৷ ২০২৬ৰ মার্চত ভাৰতক নক্সালমুক্ত কৰাৰ লক্ষ্যৰে নক্সালৰ শক্তিশালী ভেটি থকা অঞ্চলসমূহত মাওবাদীবিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে৷ এই অভিযানৰ অংশ হিচাপে কালি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘর্ষত নাৰায়ণপুৰত ৬ মাওবাদী নিহত হয়৷

শীর্ষ আৰক্ষী বিষয়াই প্রকাশ কৰা মতে, কালি বিয়লি নাৰায়ণপুৰ জিলাত অবুজমাড অঞ্চলৰ বনাঞ্চলত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘর্ষ হয়৷ মাওবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতেই মাওবিৰোধী অভিযানৰ নেতৃত্ব দিয়া নিৰাপত্তা বাহিনীয়ে উক্ত স্থান ঘেৰাও কৰি অভিযান চলাওঁতে দুই পক্ষৰ মাজত সংঘর্ষ হয়৷ কেইবাঘণ্টা ধৰি চলা গুলীয়াগুলীত ৬ মাওবাদী নিহত হয়৷ নিৰাপত্তা বাহিনীয়ে নিহত মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা একে–৪৭/এছএলআৰকে ধৰি বিভিন্ন অস্ত্র–শস্ত্র আৰু বিস্ফোৰক উদ্ধাৰ কৰে৷ অঞ্চলটোত মাওবাদী নিঃশেষ কৰাৰ বাবে প্রতিদিনেই অভিযান চলাই থকা হৈছে৷

মন কৰিবলগীয়া যে কালি পুৱা বিহাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নক্সালবাদ শেষ কৰাৰ বাবে লোৱা প্রতিশ্রুতিৰ প্রসংগ উল্লেখ কৰাৰ পিছতে মাওবাদী নিহত হোৱাৰ খবৰ প্রচাৰ হৈছে৷

You might also like