নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুষাৰপাতৰ বাবে স্তব্ধ জম্মু–কাশ্মীৰৰ জীৱনযাত্রা

নিউজ ডেস্ক, ১ মাৰ্চ : ভয়াৱহ তুষাৰপাতত বিপর্যস্ত জম্মু–কাশ্মীৰ৷ পুনৰ তুষাৰপাত আৰম্ভ হৈছে জম্মু–কাশ্মীৰৰ বিস্তীর্ণ অঞ্চলত৷ বৰফ জমা হোৱাৰ ফলত বন্ধ হৈ পৰিছে জম্মু–কাশ্মীৰ ৰাষ্ট্রীয় পথ৷ প্রশাসনিক সূত্রই সদৰী কৰা অনুসৰি বানিহাল আৰু কাজিগুন্দৰ ওচৰত ৰাষ্ট্রীয় পথৰ ওপৰত বৰফৰ স্তৰ জমা হোৱাৰ ফলত যান–বাহনৰ চলাচল বন্ধ হৈ পৰিছে৷ কেইবাদিনো ধৰি ধাৰাবাহিক তুষাৰপাতৰ ফলত বানিহালৰ পৰা ৰামবনলৈ যোৱাৰ পথত একাধিক স্থানত হিমস্খলনৰ ঘটনা ঘটিছে৷ ইফালে জোজিলা গিৰিপথৰ পৰা হিমস্খলনৰ ফলত বন্ধ হৈ পৰিছে শ্রীনগৰ–লাডাখ ৰাষ্ট্রীয় পথ৷ জম্মু–কাশ্মীৰৰ বিস্তীর্ণ অঞ্চলত এনে তুষাৰপাতৰ ফলত স্বাভাৱিক জীৱনযাত্রা স্তব্ধ হৈ পৰিছে৷ আনকি বিমানবন্দৰতো বৰফৰ স্তৰ জমা হোৱাৰ ফলত বিমানসেৱাত বিলম্ব ঘটিছে৷

You might also like