নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী অধিনায়ক মাৰুফক উৎসাহিত কৰিবলৈ ভাৰতীয় ক্ৰিকেট দলে কৰিলে…

বিশেষ বাৰ্তা, ৭ মাৰ্চঃ মহিলা বিশ্বকাপত দেওবাৰে ভাৰতে ১০৭ ৰাণত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক হৰুৱাই অভিযান আৰম্ভ কৰিছে। তাৰ পাছতে কি কৰিলে ভাৰতীয় দলটোৱে, সেয়া জানেনে? জয়ৰ আনন্দ উল্লাস কৰি থকাৰ মাজতে ভাৰতীয় ক্ৰিকেট দলটোৱে গৈ পাকিস্তানী অধিনায়ক বিছমাহ মাৰুফৰ ছমহীয়া সন্তানটিক কোলাত তুলি হাঁহি-ফূৰ্তি আৰু খেল-ধেমালি কৰিবলৈ ধৰে। এই ফটো আৰু ভিডিঅ’ই ছ’চিয়াল মিডিয়াত যথেষ্ট সমাদৰ লাভ কৰিছে। সন্তান জন্ম দিয়াৰ ছমাহ পাছত পুনৰ খেল পথাৰলৈ উভতি অহা মাৰুফক উৎসাহিত কৰিবলৈয়ে এই ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰে ভাৰতীয় অ’পেনাৰ স্মৃতি মান্ধানাই। লগত দেখা যায় সহ-অধিনায়ক হৰমণপ্ৰীত কৌৰ, শেফালী বাৰ্মা, ৰেণুকা সিং ঠাকুৰ, মেঘনা সিং আৰু ৰিছা ঘোষক। সন্তান প্ৰসৱৰ ছমাহ পাছত এগৰাকী মহিলা খেলুৱৈয়ে এনেদৰে আন্তঃৰাষ্ট্ৰীয় খেল খেলিবলৈ অহাটো খুবেই প্ৰেৰণাদায়ক কাম বুলি কয় স্মৃতিয়ে। ইয়াৰ পাছত ফটোখন টুইটাৰত পোষ্ট কৰে আইচিচিয়ে। লগে লগে কমেণ্ট কৰা দেখা যায় ভাৰতৰ ক্ৰিকেটৰ ঈশ্বৰ শচীন তেণ্ডুলকাৰক।

You might also like