নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্নেহ তীৰ্থৰ উদ্যোগত বিশেষভাৱে সক্ষম শিশুক সম্বৰ্ধনা

বিশেষ বাৰ্তা, নগাঁৱ, ৮ মাৰ্চঃ পূৰ্ণ বৰা-ভাৰতী বৰা ন্যাসৰ উদ্যোগত আজি বিশেষভাৱে সক্ষম শিশুক সম্বৰ্ধনা অনুষ্ঠিত হয়। নগাঁও চহৰৰ আমোলাপট্টিস্থিত কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই শিশুসকলক সম্বৰ্ধনা জনোৱা হয়। ন্যাসৰ সভপতি গিৰীন্দ্ৰ কুমাৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত শিক্ষাবিদ মহেন্দ্ৰ আহোম, চিকিৎসক ডাঃ অপূৰ্ব শৰ্মা, ডাঃ দিলীপ ভূঞা, ডাঃ অঞ্জন শইকীয়া আদিয়ে অংশগ্রহণ কৰে। অনুস্থানত বিশেষভাৱে সক্ষম শিশু সকলক সম্বৰ্দ্ধনা জনোৱা হয়।

You might also like