নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাহুলৰ পথ নিষ্কণ্টক কৰিবলৈ মনমোহন সিঙক প্ৰধানমন্ত্ৰী পাতিছিল ছোনিয়া গান্ধীয়ে’, লিখিছে বাৰাক অ’বামাই

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ৰাহুল গান্ধীৰ পথ নিষ্কণ্টক কৰাৰ বাবে কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীয়ে মনমোহন সিঙক পাতিছিল প্ৰধানমন্ত্ৰী। -প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ আত্মজীৱনী ‘এ প্ৰমিছড লেণ্ড’ত উল্লেখ কৰা হৈছে এইদৰে।

তেওঁ লগতে লিখে যে মনমোহন সিঙক প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ আন দুটা কাৰণ আছিল। তেওঁ এজন জ্যেষ্ঠ শিখ আছিল আৰু জাতীয় ৰাজনীতিত তেওঁৰ কোনো ভিত্তি নাছিল। আনহাতে মনমোহন সিঙৰ ‘সৌজন্যবোধ’ আৰু ‘পাণ্ডিত্য’ই তেওঁৰ ব্যক্তিত্বক তুলি ধৰিছিল। বাৰাক অ’বামাই স্বীকাৰ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দৰে ব্যক্তিত্ব সচৰাচৰ দেখা নাযায়।

ভাৰত ভ্ৰমণলৈ অহা অ’বামাই প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৈতে ডীনাৰ কৰিছিল, য’ত উপস্থিত আছিল কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধী আৰু তেওঁৰ সন্তান ৰাহুল। নিজৰ অভিজ্ঞতাৰ সম্পৰ্কে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় এইদৰে- ‘যিখিনি বুজিছো, ছোনিয়াই কথা কোৱাৰ সলনি শ্ৰোতাৰ ভূমিকাত থাকিব বিচাৰে। মনমোহন সিঙে কোনো চৰকাৰী বিষয়ক লৈ কথা পাতিবলৈ ওলালে ছোনিয়াই তেওঁক ৰখোৱাৰ চেষ্টা কৰে। আৰু দেখিছিলো কোনো আলোচনা বাৰে বাৰে তেওঁৰ সন্তানক কেন্দ্ৰ কৰি টানি আনিবলৈ চেষ্টা চলাই ছোনিয়াই।’

অৱশ্যে অবামাই ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ এগৰাকী পুৰোধা ব্যক্তি বুলি স্বীকৃতি দিয়ে মনমোহন সিঙক। গ্ৰন্থখনত অ’বামাই প্ৰশ্ন তোলে এইদৰে- “মনমোহনৰ কাৰ্যকাল শেষ হোৱাৰ পিছত কি ৰাহুলৰ হাতত সফলভাৱে ক্ষমতাৰ বাঘজৰী অৰ্পণ কৰিব পৰা গ’ল? তেওঁৰ মাকৰ সপোন কি সাৰ্থক কৰিব পাৰিলে ৰাহুলে? কংগ্ৰেছে কি বিজেপিৰ বিভেদকামী জাতীয়তাবাদক ৰখাব পাৰিলে?’

আনহাতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ দৰে শক্তিশালী গণতন্ত্ৰৰ দেশত হিংসা, দুৰ্নীতি, জাতিগত ৰাজনীতি, ধৰ্মীয় অসহিষ্ণুতা কেনেদৰে স্থায়ী হৈ ৰ’ল, সেই বিষয়েও গভীৰ বিস্ময় প্ৰকাশ কৰে।

You might also like