নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ডি ভোটাৰৰ সংখ্যা ২৮০৮ গৰাকী

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ জোনাই মহকুমাৰ মহকুমাধিপতি আৰু নিৰ্বাচনী বিষয়াই আজি জোনাই সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ খচৰা ভোটাৰ তালিকা-২০২১ প্ৰকাশ কৰে৷ এই উদ্দেশ্যে আজি মহকুমাধিপতিৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী সৈতে অনুষ্ঠিত সভাত মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে সদৰী কৰা সূত্ৰ মতে ১১৪নং জোনাই বিধানসভা সমষ্টিত পুৰুষ ১,৫৩,৫৫৬, মহিলা ১,৪৭,৬৩৫গৰাকী ভোটাৰসহ মুঠ ৩,০১,১৯১গৰাকী ভোটাৰৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে বুলি সদৰী কৰিছে৷

কভিড -১৯ৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি মহকুমাটোত এক হাজাৰতকৈ অধিক ভোটাৰ থকা ভোট কেন্দ্ৰসমূহক বিভক্ত কৰা হ’ব৷ তদুপৰি মহকুমাটোত নতুন দুটা ভোট কেন্দ্ৰ সংযোগ কৰি মুঠ ৩৫২ টা ভোট কেন্দ্ৰ কৰা হৈছে৷ নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ আৰু মহকুমাধিপতি উপস্থিত থকা সভাত জোনাই সমষ্টিত ১২৭৫গৰাকী মহিলা আৰু ১৫৩৩ গৰাকী পুৰুষসহ মুঠ ২৮০৮ গৰাকী  ডি ভোটাৰ থকা বুলি নিৰ্বাচনী বিষয়াই জনাইছে৷

উল্লেখ্য যে প্ৰকাশিত খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাবী আৰু নিষ্পত্তিৰ বাবে চলিত বৰ্ষৰ ১৮ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ আবেদনৰ দিন ধাৰ্য কৰি দিয়াৰ উপৰি এই দাবী নিষ্পত্তি ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পিছত অহা ২০২১ চনৰ ১৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰে সদৰী কৰে ৷

You might also like