ক’ভিডত আক্ৰান্ত ছোনিয়া গান্ধী, ৮ জুনত হাজিৰ হ’ব পাৰিবনে ইডিৰ কাৰ্যালয়ত
বিশেষ বাৰ্তা, ২ জুনঃ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধী আক্ৰান্ত হৈছে ক’ভিড-১৯ত। তেওঁৰ ৰিপ’ৰ্ট পজিটিভ আহিছে। তেওঁৰ মৃদু জ্বৰ আছে আৰু কিছুমান লক্ষণ দেখা দিছে। নিজকে পৃথক কৰি ৰাখিছে আৰু প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হৈছে নেত্ৰীগৰাকীক। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই এই তথ্য প্ৰদান কৰিছে। সুৰজেৱালাৰ মতে, আৰু বহু কংগ্ৰেছ নেতাও সংক্ৰমণৰ কবলত পৰিছে। এইকেইজন নেতা-কৰ্মীক ছোনিয়া গান্ধীয়ে যোৱা দিনকেইটাত লগ পাইছিল। অৱশ্যে দলৰ পৰা স্পষ্ট কৰা হৈছে যে নেশ্যনেল হেৰাল্ড গোচৰত সোধা-পোছাৰ বাবে ৮ জুনত ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে।