নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ মুম্বাইৰ জুহু অঞ্চলত আৱাসিক প্রাসাদত অবৈধ নির্মাণ চলোৱা বুলি পৌৰ নিগমে জাৰি কৰা জাননীক প্রত্যাহ্বান জনাই বোম্বাই উচ্চ ন্যায়ালয়ত বলীউডৰ অভিনেতা ছনু ছুডে আবেদন জনাইছিল যদিও সেই আবেদন উচ্চ ন্যায়ালয়ে অগ্রাহ্য কৰাৰ পিছত অভিনেতাগৰাকীৰ সমস্যা বৃদ্ধি পাইছে৷ আজি উচ্চ ন্যায়ালয়ৰ নির্দেশনাক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অভিনেতাগৰাকী৷
অভিনেতাগৰাকীয়ে উল্লেখ কৰা অনুসৰি আৱাসগৃহৰ মেৰামতি তথা সালসলনিৰ ক্ষেত্রত অনুমতি প্রদান কৰিছিল ক’ষ্টেল জ’ন মেনেজমেণ্ট অথৰিটী (এমচিজেডএমএ)য়ে৷ কিন্তু যোৱা ১৩ জানুৱাৰীত বোম্বাই উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্র ৰিজ’নেল এণ্ড টাউন প্লেনিং এক্ট, ১৯৬৬ৰ বিভিন্ন ধাৰাক গুৰুত্বহীন কৰি অভিনেতাগৰাকীৰ আৱাসিক প্রাসাদত অবৈধ নির্মাণ চলা বুলি ঘোষণা কৰাৰ অভিযোগ তোলা হৈছে আবেদনত৷