নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুনীল গাভাস্কাৰৰ ৩৬ ৰাণঃ ক্ৰিকেট ইতিহাসৰ আটাইতকৈ স্বাৰ্থপৰ ইনিংছ

বিশেষ বাৰ্তা, ৭জুনঃ কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ টেষ্ট ক্ৰিকেটত কলাত্মক ইনিংছৰ বাবে পৰিচিত। তেওঁৰ নামৰ সৈতে আন এটা অভিলেখ জড়িত হৈ আছে, যি কথা অনুৰাগীসকলেও বিশেষ মনত ৰাখিব নিবিচাৰে। ৪০ বছৰ পূৰ্বে ১৯৭৬ চনৰ ৭ জুন তাৰিখত বিশ্বকাপত গাভাস্কৰে অতি লেহেমীয়া আৰু মন্থৰ ইনিংছ খেলিছিল। তেওঁ অ’পেনিং বেটছমেন হিচাপে খেল আৰম্ভণি কৰিছিল আৰু শেষলৈকে আউট নোহোৱাকৈ আছিল। ১৭৪ টা বলত মাত্ৰ ৩৬ ৰানহে কৰি নট আউট হৈ ৰৈছিল।১৯৭৫ চনৰ ৭ জুনত ক্ৰিকেটৰ প্ৰথম বিশ্বকাপ আৰম্ভ হৈছিল। প্ৰথমখন খেলতে ভাৰত আৰু ইংলেণ্ড দলৰ মাজত এখন খেল হৈছিল। সেই সময়ছোৱাত ৫০ অভাৰ নহয়, ৬০ অভাৰৰ মেচ আছিল। ভাৰত আৰু ইংলেণ্ডৰ মাজত হোৱা সেই মেচখনত প্ৰথম বেটিং কৰি ইংলেণ্ডৰ দলটোৱে সৰ্বাধিক ৩৩৪ ৰাণ সংগ্ৰহ কৰিছিল।

সুনীল গাভাস্কাৰ আৰু একনাথ ছোলকাৰে খেলপথাৰত প্ৰৱেশ কৰি ভাৰতীয় ইনিংছ মুকলি কৰে। ইংলেণ্ডৰ ৩৩৪ ৰাণৰ অসম্ভৱ লক্ষ্য সম্পূৰ্ণ কৰাৰ বাবে দুয়ো চাপত আছিল। লক্ষ্যলৈ চালে দ্ৰুত গতিত ৰাণ কৰাৰ প্ৰয়োজন আছিল। কিন্তু টেষ্ট ক্ৰিকেট ইনিংছৰ দৰেই ডিফেন্সিভ মুডত সোমাই গাভাস্কাৰে বেটিং আৰম্ভ কৰে। শেষ পৰ্যন্ত আউট নহ’ল গাভাস্কাৰ, কিন্তু তেওঁ মুঠ ১৭৪ টা বলৰ মুখামুখি হৈ মাত্ৰ ৩৬টা ৰাণ সংগ্ৰহ কৰে। নট আউট ইনিংছত মাত্ৰ এটাহে বাউণ্ডেৰী মাৰে। প্ৰথমখন মেচতে ইংলেণ্ড দলৰ হাতত ২০২ ৰাণত পৰাস্ত হৈছিল ভাৰতীয় দল। গাভাস্কাৰৰ এই ইনিংছটো ক্ৰিকেট জগতত বৰকৈ সমালোচনা হৈছিল। আজিও এই ইনিংছ বিশ্ব ক্ৰিকেটৰ লেহেমীয়া ইনিংছৰ ভিতৰত গণ্য কৰা হয়।

You might also like