ইউৰোপৰ ২৭ দেশৰ পর্যটকে ভ্রমণ কৰিব পাৰিব অসম
ডিজিটেল ডেস্ক, ২১ জুন : ৰাজ্যৰ আন্তঃৰাষ্ট্রীয় পর্যটন আৰু গ্রাম্য অর্থনীতিলৈ ইতিবাচক বার্তা কঢ়িয়াই ইউৰোপীয়ান ইউনিয়নে আনুষ্ঠানিকভাৱে প্রত্যাহাৰ কৰিলে দীর্ঘদিনীয়া ভ্রমণৰ নিষেধাজ্ঞা৷ অশান্ত অঞ্চল হিচাপে ইউৰোপীয়ান ইউনিয়নৰ দেশসমূহৰ নাগৰিকসকলক অসম ভ্রমণ নকৰিবলৈ পূর্বে জাৰি কৰি ৰখা নিষেধাজ্ঞা প্রত্যাহাৰে স্বাভাৱিকতে ৰাজ্যৰ পর্যটন অর্থনীতিলৈ নমাই আনিছে আশাৰ বতৰা৷ ৰাজ্যবাসীক শনিবাৰে এই সুখবৰ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
শনিবাৰে ফেচবুক লাইভযোগে ৰাজ্যবাসীক এই সুখবৰ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– ইউৰোপীয়ান ইউনিয়নৰ ২৭খন ৰাষ্ট্রৰ বাবে অসম ভ্রমণত নাথাকিব প্রতিবন্ধকতা৷ আমি আনুষ্ঠানিকভাৱে এখন প্রমাণ–পত্র লাভ কৰিলোঁ৷ উল্লেখ্য যে বিদ্রোহী সংগঠনৰ কার্যকলাপৰ বাবে অসম তথা উত্তৰ–পূবৰ ৰাজ্যসমূহ ভ্রমণৰ ক্ষেত্রত ইউৰোপীয়ান ইউনিয়নৰ ২৭খন ৰাষ্ট্র ক্রমে– অষ্ট্রিয়া, বেলজিয়াম, বুলগেৰিয়া, ক্র’ৱেচিয়া, ডেনমার্ক, চেক ৰিপাব্লিক, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্রান্স, জার্মানী, গ্রীচ, হাংগেৰী, আয়াৰলেণ্ড, ইটালী, লাটভিয়া, লিথুনিয়া, মাল্টা, নেদাৰলেণ্ড, পোলেণ্ড, পর্তুগাল, ৰোমানিয়া, শ্ল’ভাকিয়া, শ্ল’ভেনিয়া, স্পেইন, ছুইডেন, ছাইপ্রাছ আৰু লাক্সেমবার্গৰ নাগৰিকসকলক অসম ভ্রমণৰ ক্ষেত্রত প্রতিবন্ধকতা জাৰি কৰা হৈছিল৷ এই দেশকেইখনৰ লগতে আমেৰিকা, কানাডা আৰু গ্রেট ব্রিটেইনৰ নাগৰিককো অসম ভ্রমণৰ ক্ষেত্রত জাৰি কৰা হৈছিল প্রতিবন্ধকতা৷ এনে প্রতিবন্ধকতাই অসমৰ পর্যটন উদ্যোগলৈ নমাই আনিছিল নিৰাশা৷
শনিবাৰে ফেচবুক লাইভযোগে এই প্রতিবন্ধকতা আঁতৰি যোৱাৰ কথা ঘোষণা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ইউৰোপীয়ান ইউনিয়নৰ ৰাষ্ট্রদূত হার্ভে ডেলফিনে কিছুদিন পূর্বে গুৱাহাটীলৈ আহিছিল৷ হার্ভে ডেলফিনে অসম চৰকাৰৰ মুখ্য সচিবলৈ এক বার্তা প্রেৰণ কৰি ইউৰোপীয়ান ইউনিয়নে দীর্ঘদিন ধৰি তেওঁলোকৰ দেশৰ পর্যটকসকলক যি বাধা প্রদান কৰিছিল বা সতর্ক প্রদান কৰিছিল, সেই প্রতিবন্ধকতা প্রত্যাহাৰৰ কথা ঘোষণা কৰে৷ পূর্বে অসমলৈ অহাৰ ক্ষেত্রত বাধা প্রদান কৰি অসম এখন সন্ত্রাসজর্জৰ ৰাজ্য, তালৈ পর্যটকসকল নোযোৱা ভাল আৰু গ’লেও যথেষ্ট সতর্ক হৈ থকাৰ প্রয়োজন ৷ ইউৰোপীয়ান ইউনিয়নৰ ভাৰতস্থিত ৰাষ্ট্রদূতে মুখ্য সচিবক বার্তাযোগে উল্লেখ কৰে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পর্যালোচনা কৰাৰ পিছত ইউৰোপীয়ান ইউনিয়নে অসম ভ্রমণৰ ক্ষেত্রত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্রতিবন্ধকতা আনুষ্ঠানিকভাৱে প্রত্যাহাৰ কৰিছে৷
এই সুখবৰ ৰাজ্যবাসীক অৱগত কৰি ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে পুনৰ কয়– ইয়াৰ অর্থ হ’ল ইউৰোপীয়ান ইউনিয়ন বুলি ক’লে আমি ২৭খন ৰাষ্ট্রৰ এটা গোটক বুজো৷ এতিয়াৰে পৰা এই ২৭খন ৰাষ্ট্রৰ নাগৰিকৰ ওপৰত যি সতর্কবাণী আছিল বা সীমাবদ্ধতা আছিল, তাক প্রত্যাহাৰ কৰা হৈছে৷ অৱশ্যে অশান্ত অঞ্চল আইন এতিয়া প্রযোজ্য হৈ থকা চৰাইদেউ, ডিব্রুগড় আৰু তিনিচুকীয়াৰ ক্ষেত্রত এই প্রতিবন্ধকতা এতিয়াও প্রত্যাহাৰ কৰা নাই৷ এডভাণ্টেজ আছাম–২.০ৰ সময়ত বিভিন্ন ৰাষ্ট্রৰ দূতাৱাসসমূহৰ সৈতে যোগাযোগ কৰি অৱগত কৰা হৈছিল যে অসম এতিয়া যথেষ্ট শান্ত, ৰাজ্যখনৰ পৰিৱেশ যথেষ্ট ভাল, গতিকে আপোনালোকৰ পর্যটকসকলক এতিয়া আমাৰ ৰাজ্যলৈ আহিবলৈ অনুমতি দিব পাৰে৷ সেই সময়তে অসমৰ অনুৰোধ ৰক্ষা কৰি অষ্ট্রেলিয়া আৰু জাপানে অসম ভ্রমণত তেওঁলোকৰ নাগৰিকৰ ওপৰত থকা প্রতিবন্ধকতা প্রত্যাহাৰ কৰিছিল৷ কিন্তু ইউৰোপীয়ান ইউনিয়নে এই প্রতিবন্ধকতা প্রত্যাহাৰ নকৰাৰ বাবে সমগ্র ইউৰোপৰ পর্যটকসকল অসমলৈ আহিব পৰা নাছিল৷ বহু প্রচেষ্টাৰ মূৰত অসমে আৰু এটা সফলতা লাভ কৰিলে৷ এতিয়া ইউৰোপীয়ান ইউনিয়নৰ অন্তর্গত ২৭খন ৰাষ্ট্রৰ নাগৰিকসকলে অসমলৈ পর্যটনৰ বাবে আহিব পাৰিব৷ ৰাজ্যখনৰ প্রাকৃতিক প্রাচুর্য উপভোগ কৰাৰ লগতে এই পর্যটকসকলে কাজিৰঙা, মানস, শিৱসাগৰ, যোৰহাট, কোকৰাঝাৰ, বৰাক উপত্যকাত সকলোতে তেওঁলোকে যাব পাৰিব৷ আমাৰ বাবে ই এক আনন্দৰ দিন৷ কাৰণ বিদেশী ৰাষ্ট্রই যেতিয়া এখন ৰাজ্যক অশান্তজর্জৰ বুলি কয়, সেই ৰাজ্যখনত বিনিয়োগ, পর্যটন সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷ ক’ব নোৱাৰাকৈ ৰাজ্যখনে আর্থিক লোকচানৰ সন্মুখীন হয়৷ ইউৰোপীয়ান ইউনিয়নে এই প্রতিবন্ধকতা দূৰ কৰাৰ লগে লগে আনুষ্ঠানিকভাৱে আমি এখন প্রমাণ–পত্র লাভ কৰিলোঁ৷ ইয়াৰ দ্বাৰা প্রমাণ হ’ল যে অসম এতিয়া অশান্তজর্জৰ ৰাজ্য নহয় আৰু বিদেশী ৰাষ্ট্রৰ নাগৰিকসকল অসমলৈ আহিব পাৰে, থাকিব পাৰে৷ এই সিদ্ধান্তটোৰ ফলত আমি যথেষ্ট লাভৱান্বিত হ’ম৷ ফেচবুক লাইভৰ মূল উদ্দেশ্য এয়াই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– এই সিদ্ধান্তৰ ফলত অসমলৈ পর্যটনৰ সোঁত ব’ব৷ পর্যটনৰ এনে সোঁতৰ বাবেই ৰাজ্যত বিদেশী পর্যটক বা দেশীয় পর্যটকক থাকিবলৈ বা আতিথ্য দিবলৈ বহু ব্যৱস্থা আমি গ্রহণ কৰিব লাগিব৷