নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ চৰম পথ প্রতিৰোধকল্পে ১৫ দফীয়া গাইডলাইন ছুপ্রিম ক’ৰ্টৰ

🔹 এতিয়াৰে পৰা বাধ্যতামূলক হ’ব শিক্ষার্থীৰ মানসিক স্বাস্থ্যৰ কাউন্সেলিং 

নিউজ ডেস্ক, ২৭ জুলাই : দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষার্থীৰ ক্রমবর্ধমান আ*ত্ম*হ*ন*নক লৈ উদ্বেগ প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে৷ এনেধৰণৰ ঘটনা প্রতিৰোধকল্পে দেশৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, ছাত্রাৱাস, ছাত্রীনিৱাস, ক’চিং চেণ্টাৰসহ বিভিন্ন শিক্ষা প্রতিষ্ঠানৰ কাৰণে ১৫দফীয়া এক গাইডলাইন উচ্চতম ন্যায়ালয়ে নির্ধাৰণ কৰি দিছে৷ এই গাইডলাইন সকলো শিক্ষা প্রতিষ্ঠানে এতিয়াৰে পৰা মানি চলাটো বাধ্যতামূলক হ’ব৷ সর্বোচ্চ ন্যায়ালয়ৰ পর্যবেক্ষণ– বৃহৎ পাঠ্যক্রম আৰু পৰীক্ষাৰ চাপ চম্ভালিব নোৱাৰি ছাত্র–ছাত্রীসকলে চৰম পথ বাছি লয়৷ আনকি বহুক্ষেত্রত শিক্ষা প্রতিষ্ঠানসমূহেও ভুক্তভোগীৰ পক্ষত অৱস্থান নকৰে৷ সেই কাৰণেই উচ্চতম ন্যায়ালয়ে ১৫দফীয়া গাইডলাইন প্রতিখন শিক্ষা প্রতিষ্ঠানে মানি চলাটো বাধ্যতামূলক কৰি দিছে৷

উল্লেখ্য যে দুবছৰ পূর্বে অন্ধ্রপ্রদেশত চিকিৎসা বিজ্ঞানৰ প্রৱেশ পৰীক্ষাৰ বাবে প্রস্তুতি চলাই থকা পশ্চিমবংগৰ এগৰাকী ছাত্রীয়ে চৰম পথ বাছি লৈছিল ৷ বিশাখাপট্টনমৰ এটা ক’চিং চেণ্টাৰত প্রৱেশ পৰীক্ষাৰ বাবে প্রস্তুতি চলাই আছিল ছাত্রীগৰাকীয়ে৷ কিন্তু ইয়াৰ মাজতে ২০২৩ চনৰ জুলাই মাহত হোষ্টেলৰ চতুর্থ মহলাৰ ছাদৰ পৰা পৰি ছাত্রীগৰাকীৰ মৃত্যু হয়৷ আইনী খবৰ পৰিৱেশনকাৰী ৱেবছাইট ‘বাৰ এণ্ড বেন্স’ৰ বাতৰি অনুসৰি এই ঘটনাৰ তদন্তত আৰক্ষীয়ে একপক্ষীয় অৱস্থান গ্রহণ কৰাৰ অভিযোগ তুলি ছাত্রীগৰাকীৰ পিতৃয়ে অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ পিতৃৰ দাবী আছিল– ঘটনাৰ তদন্তৰ ভাৰ চিবিআইৰ হাতত ন্যস্ত কৰিব লাগে৷ কিন্তু সেই আর্জি অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ে খাৰিজ কৰাত দুর্ভগীয়া পিতৃগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷ অৱশেষত ২৫ জুলাইত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্রম নাথ আৰু সন্দীপ মেহতাৰ দুজনীয়া খণ্ড বিচাৰপীঠে চিবিআইক ঘটনাৰ তদন্তৰ নির্দেশ দিয়াৰ লগতে উক্ত ১৫দফীয়া গাইডলাইন নির্ধাৰণ কৰি দিয়ে৷

সর্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হয় যে দেশত ছাত্র–ছাত্রীয়ে চৰম পথ লোৱাৰ প্রৱণতা হ্রাস কৰিবলৈ কেন্দ্রীয়ভাৱে এটি আইনী পৰিকাঠামোৰ অভাৱ৷ প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে বিভিন্ন ৰাজ্যৰ ছাত্র–ছাত্রীসকলে ৰাজধানী দিল্লীৰ লগতে ৰাজস্থানৰ কোটা, জয়পুৰ, চিকাৰ, অন্ধ্রপ্রদেশৰ বিশাখাপট্টনম আৰু তেলেংগানাৰ হায়দৰাবাদলৈ আহে৷ কিন্তু সেই ছাত্র–ছাত্রীসকলৰ বহুতে সাংঘাতিক ধৰণে মানসিক চাপত ভুগিবলীয়া হয়৷ এনে প্রেক্ষাপটত ছাত্র–ছাত্রীসকলৰ সুৰক্ষাৰ হকে তাৎক্ষণিকভাৱে এটি অন্তর্ৱর্তী ব্যৱস্থা গ্রহণ কৰাটো প্রয়োজন৷ ছাত্র–ছাত্রীসকলৰ ওপৰত বোজা জাপি দিয়াটো শিক্ষা ব্যৱস্থাৰ কাম নহয়৷ ইয়াৰ পৰা মুক্তি দিয়াটোহে শিক্ষা ব্যৱস্থাৰ কাম৷ গ্রেড বা ৰেংকিং নহয়৷ শিক্ষার্থীৰ সামগ্রিক বিকাশে প্রকৃত সাফল্য বুলি নির্দেশনাত খণ্ড বিচাৰপীঠখনে উল্লেখ কৰিছে৷

লগতে খণ্ড বিচাৰপীঠখনৰ তৰফৰ পৰা কোৱা হৈছে যে বর্তমান শিক্ষা ব্যৱস্থা, বিশেষকৈ প্রতিযোগিতামূলক পৰীক্ষাই প্রায়েই ছাত্র–ছাত্রীসকলক মানসিক চাপৰ মাজলৈ লৈ যায়৷ শিকাৰ আনন্দৰ পৰিৱর্তে সম্প্রতি তাৰ স্থান দখল কৰিছে ৰেংকিং, ফলাফল আৰু পার্ফৰ্মেঞ্চ মেট্রিক্সক লৈ উদ্বেগে৷ উচ্চতম ন্যায়ালয়ে নির্ধাৰণ কৰি দিয়া গাইডলাইন অনুসৰি এতিয়াৰে পৰা শিক্ষার্থীৰ মানসিক স্বাস্থ্যৰ কাউন্সেলিং বাধ্যতামূলক হ’ব৷ সকলো শিক্ষা প্রতিষ্ঠানে সক্রিয় কৰি ৰাখিব লাগিব অভিযোগ গ্রহণ আৰু তাৰ প্রতিকাৰমূলক ব্যৱস্থা৷ শিক্ষার্থীসকলৰ সৰু সৰু গোটৰ বাবে একোজন মেণ্টৰ বা কাউন্সিলৰ ৰাখিব লাগিব৷ বিশেষকৈ পৰীক্ষাৰ সময়ত আৰু শিক্ষা প্রতিষ্ঠানত নতুনকৈ অহাৰ সময়ত৷ মেণ্টৰ বা কাউন্সিলৰে গোপনে ছাত্র–ছাত্রীসকলক সহায় কৰিব লাগিব৷ যিসমূহ শিক্ষা প্রতিষ্ঠানত এশজনতকৈ অধিক শিক্ষার্থী থাকে, তাত কমেও এজন মনোবিজ্ঞানী অথবা সমাজকর্মী নিয়োগ কৰিব লাগিব৷ ইয়াৰ উপৰি চৰম পথ প্রতিৰোধ হেল্পলাইন সক্রিয় থাকিব লাগিব কেম্পাছ–ছাত্রাৱাস–ছা্ৰীনিৱাসত৷ শিক্ষা প্রতিষ্ঠানৰ ৱেবছাইটত সেয়া আপলোড কৰাটো বাধ্যতামূলক৷ লগতে শিক্ষা প্রতিষ্ঠানৰ কর্মচাৰীসকলৰ বছৰি কমেও দুবাৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰিব লাগিব৷ চৰম পথ লোৱাৰ সম্ভাৱনা হ্রাস কৰাৰ লক্ষ্যৰে ছাত্রাৱাস–ছাত্রীনিৱাসত টেম্পাৰ–প্রুফ চিলিং ফেন লগোৱাৰ উপৰি ছাদ–বাৰাণ্ডাত প্রৱেশাধিকাৰ সীমিত কৰিব লাগিব৷

খণ্ড বিচাৰপীঠখনে স্পষ্ট কৰি দিয়া অনুসৰি দেশত আনুষ্ঠানিকভাৱে আইন প্রণয়ন নোহোৱা পর্যন্ত উক্ত ১৫দফীয়া গাইডলাইন বলৱৎ হৈ থাকিব৷

You might also like