ইইউৰে সম্পর্ক ৰক্ষা কৰিব ছুইজাৰলেণ্ডে
গুৰুত্বপূর্ণ ভোট প্রক্রিয়াত গৰিষ্ঠসংখ্যকৰ বিপক্ষে মতদান
নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ ইউৰোপীয় ৰাষ্ট্র ছুইজাৰলেণ্ডতো ব্রিটেইনৰ দৰে ইউৰোপীয় সংঘ (ইইউ)বিৰোধী মানসিকতাৰ উত্তৰণ ঘটিছে৷ শেহতীয়াকৈ ইউৰোপীয় সংঘৰ সৈতে থকা জনসাধাৰণৰ মুক্ত বিচৰণৰ এক চুক্তিৰ অন্ত পেলাবলৈ অনুষ্ঠিত কৰা হৈছিল ভোট প্রক্রিয়া৷ কিন্তু ছুইজাৰলেণ্ডৰ ভোটাৰসকলে এই প্রস্তাৱক অগ্রাহ্য কৰিছে৷ টেলিভিছনৰ সমীক্ষাত প্রকাশ পাইছে এই তথ্য৷ অৱশ্যে এতিয়াও ভোট গণনা সম্পূর্ণ হোৱা নাই৷ টেলিভিছন সংস্থা এছ আৰ এফ–এ উল্লেখ কৰা অনুসৰি এই প্রস্তাৱৰ বিপক্ষে মতপোষণ কৰিছে ৬৩ শতাংশ ভোটাৰে৷ অৱশ্যে ৩৭ শতাংশ ভোটাৰে ইউৰোপীয় সংঘৰ সৈতে জনসাধাৰণৰ মুক্ত বিচৰণৰ চুক্তিৰ অন্ত পেলাব লাগে বুলি দাবী কৰিছে৷ লক্ষণীয়ভাৱে ছুইজাৰলেণ্ড ইউৰোপীয় সংঘৰ সদস্য নহয়৷ কিন্তু জনসাধাৰণৰ মুক্ত বিচৰণৰ বিষয়টোক মানি লৈছে দেশখনে৷ ইয়াৰ উদ্দেশ্য হৈছে ইউৰোপীয় সংঘৰ সদস্য দেশসমূহৰ সৈতে মুক্ত বাণিজ্য আৰু সহযোগিতাক সুচল কৰি তোলা৷ পৰিবহণ, শিক্ষা আদি ক্ষেত্রত থকা পূর্বৰ নিষেধাজ্ঞা প্রত্যাহাৰ হৈছে এই ব্যৱস্থাৰ জৰিয়তে৷ কিন্তু ইউৰোপীয় সংঘৰ সৈতে মুক্ত বিচৰণ নিবিচৰা ৰাজনৈতিক দল তথা সমর্থকসকলে বাৰে বাৰে দাবী কৰি আহিছে যে দেশখনৰ সীমান্তত কঠোৰ নিয়ন্ত্রণ গঢ়ি তোলা উচিত৷ একমাত্র প্রব্রজনৰ নিয়ম মানি অহা ইউৰোপীয় লোকসকলকহে ছুইজাৰলেণ্ডত মুক্ত বিচৰণৰ অনুমতি দিব লাগে বুলি বিভিন্ন মহলে দাবী কৰি আহিছে৷ স্মর্তব্য যে ব্রিটেইনে ব্রেক্সিটৰ জৰিয়তে ইউৰোপীয় সংঘৰ পৰা প্রস্থানৰ প্রক্রিয়া গ্রহণ কৰাৰ পিছৰে পৰা বিভিন্ন দেশত ই ইউবিৰোধী সজাগতা সৃষ্টি কৰিছে বহু ৰাজনৈতিক দলে৷ ছুইজাৰলেণ্ডত তাৰেই প্রতিফলন দেখিবলৈ পোৱা গৈছে নির্বাচনত৷