নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুডু খেলত ঠগবাজিঃ পিতৃৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ কন্যা

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ বাবে দীৰ্ঘসময় ধৰি গৃহবন্দী সমগ্ৰ দেশবাসী। পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে এই সময়বোৰত যথেষ্ট জনপ্ৰিয় হৈ উঠিছিল ইনডোৰ গেম। ইয়াৰ মাজতে নিজৰ হেৰুৱা জনপ্রিয়তা পুনৰবাৰ ঘূৰাই পালে লুডু-এ(Ludo)। কিন্তু সেই লুডু খেলাক কেন্দ্র কৰিয়ে পিতৃ আৰু জীয়ৰীৰ সম্পর্কত ফাঁট মেলিল মধ্যপ্রদেশৰ ভূপালত।

লুডুত পিতৃৰ হাতত ঠগ খোৱাৰ অভিযোগ তুলি আদালতৰ দাৰস্থ হ’ল ২৪ বছৰীয়া এগৰাকী তৰুণী।

সংবাদ সংস্থা এএনআই সূত্রৰ খবৰ অনুসৰি, লকডাউনত পিতৃৰ সৈতে যুৱতীগৰাকী আৰু আনদুগৰাকী পৰিয়ালৰ সদস্যই পিতৃৰ সৈতে লুডু খেলি থকাৰ সময়তে পিতৃয়ে থগবাজিৰে গুটি কটাক লৈ ক্ষুব্ধ হৈ পৰে যুৱতীগৰাকী। অৱশ্যে যুৱতীগৰাকীক আদালতৰ অধিবক্তাই পিতৃৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি পৰাজয়ো যে জীৱনৰ এক অংশ সেই কথা অনুধাৱন কৰিবলৈ আহ্বান জনায়।

You might also like