নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি তামিলনাডু–পুডুচেৰী কেৰালা বিধানসভা নির্বাচনৰ ভোটগ্রহণ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ আজি তামিলনাডু আৰু কেৰালাত বিধানসভা নির্বাচন৷ একেটা পর্যায়তে দুয়োখন ৰাজ্যৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ তেনেদৰে কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীতো আজি একেটা পর্যায়তে ভোটগ্রহণ অনুষ্ঠিত হ’ব৷

আনপিনে পশ্চিমবংগ বিধানসভা নির্বাচনৰ আজি তৃতীয় পর্যায়ৰ ৩১টা সমষ্টিত ভোটগ্রহণ হ’ব৷

ইতিমধ্যে ৮টা পর্যায়ৰ ভিতৰত দুটা পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈ গৈছে৷

উল্লেখ্য যে আজি একেটা পর্যায়ত ভোটগ্রহণ হ’বলগীয়া তামিলনাডুত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব৷ ২৩৪ বিধানসভা সমষ্টিত ৬.২৮ কোটিতকৈ অধিক ভোটাৰে ৩,৯৯৮ প্রার্থীৰ ভাগ্য ই ভি এমত বন্দী কৰিব৷ ইয়াৰ ভিতৰত ৩.১৮ কোটি পুৰুষ আৰু ৩.০৮ কোটি মহিলা৷ ৭,২০০ তৃতীয় লিংগৰ ভোটাৰো আছে৷ এইবেলি নির্বাচনত কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি আৰু ৰাজ্যখনত শাসকীয় এ আই এ ডি এম কে মিত্রজোঁট হিচাপে নির্বাচনত অৱতীর্ণ হৈছে৷

কংগ্রেছ আৰু ডি এম কে সন্মিলিতভাৱে বিগত নির্বাচনৰ দৰে এইবেলিও অৱতীর্ণ হৈছে৷ ছুপাৰষ্টাৰ কামাল হাছানৰ এম এন এম দলেও নির্বাচনত অৱতীর্ণ হৈছে৷

আনপিনে, কেৰালাতো আজি ১৪০জনীয়া বিধানসভা সমষ্টিত একেটা পর্যায়তে ভোটগ্রহণ হ’ব৷ ২.৭৪ কোটি ভোটাৰে ৯৫৭ প্রার্থীৰ ভাগ্য ই ভি এমত বন্দী কৰিব৷ কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীৰ ৩০জনীয়া বিধানসভাৰ আজি ১০,০৪,১৯৭ ভোটাৰে প্রার্থীসকলৰ ভাগ্য নির্ণয় কৰিব৷

You might also like