নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন চাহৰ দোকানত বিশেষ পোষ্টাৰঃ “এই চাহ দোকানত ৰাজনীতিৰ ওপৰত কোনো আলোচনা কৰিব নোৱাৰিব!”

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: দেশ-বিদেশৰ সকলো কথাই আলোচনা হোৱা স্থান হৈছে পথৰ কাষৰ চাহৰ দোকান। বৰ্তমান অসমকে ধৰি দেশৰ ৫ ৰাজ্যত চলি আছে নিৰ্বাচন। এই সময়ছোৱাত সকলো ৰাজ্যৰ চোকে-কোণে, গাঁৱে-ভূঞে চলিছে কেৱল ৰাজনীতিক লৈ চৰ্চা।

এই সময়ছোৱাত চাহৰ দোকানতো ভিৰ বাহিছে। যুৱক-যুৱতীৰ পৰা ধৰি বয়সস্থজনলৈকে সকলোৱে ৰাজনৈতিক তর্ক-বিতর্কৰে সময় পাৰ কৰিছে।

ইয়াৰ দ্বাৰা সমস্যাত পৰি পশ্চিম বংগৰ এজন চাহ দোকানৰ মালিকে পোষ্টাৰ লগাই এক জাননী জাৰি কৰিছে। যাতে চাহ দোকানৰ পৰিৱেশ ৰাজনীতিৰ গৰম বতাহৰ মাজত উত্তপ্ত নহয়।

চাহৰ দোকানৰ পৰিৱেশ নষ্ট নহ’বলৈ মালিক ভাৰতী মণ্ডলে সকলো গ্ৰাহককে শান্তি বৰ্তাই ৰাখিবলৈও আহ্বান জনায়। পোষ্টাৰখনত তেওঁ লিখিছে- “ভোটৰ ফলাফল নোহোৱালৈকে এই চাহ দোকানত ৰাজনীতিৰ ওপৰত কোনো আলোচনা কৰিব নোৱাৰিব।”

দোকানৰ মালিক ভাৰতী মণ্ডলে কয় যে, “মোৰ স্বামী আৰু মই ৰাতিপুৱাৰ পৰা দোকানখন চলাও। আমি দৰিদ্ৰ, লগতে ঘৰত এজন শাৰিৰীকভাৱে সক্ষম এটা পুত্ৰ আছে। দোকানখনেই আমাৰ চলি থকাৰ মাধ্যম। মই নিবিচাৰো যে কোনো ৰাজনৈতিক আলোচনাৰ ফলত দোকানত উত্তেজনা সৃষ্টি হওক! ই আমাৰ ব্যৱসায়ত ক্ষতি কৰিব পাৰে। সেইবাবে এই পন্থা অৱলম্বন কৰিছো।”

You might also like