নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ পোৱালিক নিজে চিকিৎসালয়লৈ আনিলে এটা মাতৃ মেকুৰীয়ে… ভাইৰেল ভিডিঅ’

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ মাতৃক সকলো ক্ষেত্ৰতে ডাঙৰ যোদ্ধা বুলি কোৱা হয়। বিপদৰ সময়ত মাতৃক বিপদৰ বন্ধু বুলি কোৱা হয়। কি মানুহ কি জন্তু সকলো মাতৃৰে মৰম আৰু দায়িত্বৰ সমান একোৱে হ’ব নোৱাৰে।

তুৰ্কীত অলপতে দেখা গ’ল এক আচৰিত দৃশ্য। তুৰ্কীৰ এখন চিকিৎসালয়ত চিকিৎসা কৰিবলৈ এজনী মেকুৰীয়ে তাইৰ অসুস্থ পোৱালিটোক লৈ আহিছিল। ইয়াকে দেখি চিকিৎসালয়খনৰ চিকিৎসক সকল অতিভূত হৈ পৰে। সম্প্ৰতি  ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

Gulf todayত শ্বেয়াৰ কৰা ২ মিনিটৰ এটা ভিডিঅ’টোত দেখা গৈছে যে মেকুৰীটোৱে তাইৰ পোৱালিটো মুখত লৈ চিকিৎসালয়ৰ চাৰিওফালে খোজ কাঢ়ি আছে। তাৰ পিছতেই এজন চিকিৎসক আৰু নাৰ্চে মেকুৰী পোৱালিটো পৰীক্ষা কৰে। চিকিৎসকে পৰীক্ষা কৰি গম পায় যে মেকুৰী পোৱালিটোৰ চকুত সংক্ৰমণ হৈছে।

Gulf today লগতে জানিবলৈ দিয়ে যে মেকুৰীটো চিকিৎসালয়লৈ আহিছিল আৰু দীৰ্ঘ সময় ধৰি চিঞৰিছিল। তেতিয়া এজনে পৰামৰ্শ দিছিল যে মেকুৰীটোৰ কিবা সমস্যা হৈছে বুলি। কিন্তু যেতিয়া পোৱালিটোক মাকে লৈ আহে, তেতিয়াহে সকলো কথা গম পায় স্বাস্থ্য কৰ্মী সকলে।

বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে মেকুৰী পোৱালিটো। চকুৰ ঔষধ প্ৰদান কৰাৰ পিছত চকু খুলিবলৈ সক্ষম হৈছে মেকুৰী পোৱালিটোৱে।

You might also like