নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ শীতলতম চহৰ! য’ত মাইনাছ ৫০ ডিগ্রীতো স্বাভাৱিক জীৱন–যাপন বাসিন্দাৰ

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী: বিশ্বৰ শীতলতম চহৰ ছাইবেৰিয়াৰ য়াকুৎস্ক ৰাছিয়াৰ অধীনৰ এই চহৰখনত বছৰটোৰ বেছিভাগ সময় তাপমাত্রা শূন্য ডিগ্রী চেলছিয়াছৰ তলত থাকে৷ বর্তমান চহৰখনত প্রবল শীত প্রবাহ চলি আছে৷ তাপমাত্রা মাইনাছ ৫০ ডিগ্রীলৈ অৱনমিত হৈছে৷ ইয়াৰ পূর্বে শীতলতম হ’লেও চহৰখনত চলিত বর্ষৰ দৰে শীতৰ প্রকোপ পৰা নাছিল৷ সুমেৰু বৃত্তৰ পৰা ছাইবেৰিয়াৰ এই চহৰখনৰ দূৰত্ব বৰ বেছি নহয়৷ পৃথিৱীৰ উত্তৰ প্রান্তৰ পৰা মাত্র ৪৫০ কিলোমিটাৰ দূৰত্বৰ য়াকুৎস্কৰ বছৰটোৰ গড় তাপমাত্রা হৈছে মাইনাছ ৮ ডিগ্রী চেলছিয়াছ৷ পৰিসংখ্যা অনুসৰি চহৰখনৰ তাপমাত্রা এসময়ত মাইনাছ ৬৪ ডিগ্রীলৈকে অৱনমিত হৈছিল৷ এইবাৰো পৰিস্থিতি তেনে হ’ব পাৰে বুলি আশংকাত দিন কটাইছে স্থানীয় লোকসকলে৷ প্রবল শীত সত্ত্বেও চহৰখনৰ বাসিন্দাসকলৰ স্বাভাৱিক জীৱন যাত্রা অব্যাহত আছে৷ হাড় কঁপোৱা শীতৰ মাজতো য়াকুৎস্কৰ বাসিন্দাসকলে স্বাভাৱিকভাৱে দৈনন্দিন কাম–কাজ চলাই গৈছে৷ চহৰখনৰ বাসিন্দা হৈছে প্রায় ৩ লাখ ৫৫ হাজাৰ৷ অধিকসংখ্যক লোক খনি শিল্পৰ সৈতে জড়িত৷ লক্ষণীয়ভাৱে চহৰখনৰ বাসিন্দাসকলক পৰিধান কৰিবলৈ যথেষ্ট পোছাকৰ প্রয়োজন হয়৷ শীতৰ মোকাবিলা কৰিবলৈ কেইবাতৰপ বস্ত্র পৰিধান কৰে বাসিন্দাসকলে৷

You might also like