নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬১ বছৰৰ মূৰকত চীনৰ জনসংখ্যা নিম্নগামী

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী: ৬১ বছৰৰ মূৰকত বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশ চীনৰ জনসংখ্যা নিম্নগামী হৈছে৷ চীনৰ জনসংখ্যা হ্রাস পোৱাৰ লগে লগে ভাৰত বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশত পৰিণত হ’ব৷ বিগত বর্ষৰ তুলনাত চীনৰ জনসংখ্যা ২০২২ চনত ৮ লাখ ৫০ হাজাৰ হ্রাস পাইছে৷ ১৯৫০ চনত চীনৰ জনসংখ্যা প্রথমবাৰৰ বাবে হ্রাস পোৱাৰ পিছত ক্রমাগতভাৱে জনসংখ্যা বৃদ্ধি পাই আহিছে৷ কিন্তু ২০২২ চনত দেশখনৰ জনসংখ্যা হ্রাস পালে৷ ২০২০ চনৰ ৰাষ্ট্রসংঘৰ প্রতিবেদন অনুসৰি চীনক অতিক্রম কৰি ২০২৩ চনত ভাৰত বিশ্বৰ সর্বাধিক জনসংখ্যা দেশ হিচাপে পৰিগণিত হ’ব৷ বর্তমান সময়ত চীনৰ জনসংখ্যা ১৪২.৬ কোটিৰ বিপৰীতে ভাৰতৰ জনসংখ্যা ১৪১.২ কোটি৷ চীনত জনসংখ্যা হ্রাস পোৱাৰ কাৰণ হিচাপে জন্মৰ হাৰ হ্রাস পোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ বৃদ্ধি পাইছে৷ ৰাষ্ট্রসংঘৰ সম্ভাৱনা মতে ২০৫০ চনত ভাৰতৰ জনসংখ্যা ২৬৬.৮ কোটি হোৱাৰ বিপৰীতে চীনৰ জনসংখ্যা ভাৰততকৈ হ্রাস পাই ১৩১.৭ কোটি হ’বগৈ৷

You might also like