নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ আফগানিস্তানৰ শাসন তালিবানে পুনৰ নিজৰ হাতলৈ অনাৰ পিছতে পাকিস্তানৰ সন্ত্রাসবাদী সংগঠনে ভাৰত আক্রমণৰ ব্লু–প্রিণ্ট ৰচনা কৰিছে৷ চোৰাংচোৱা সূত্রই লাভ কৰা তথ্য অনুসৰি ভাৰতৰ বিশেষকৈ জম্মু–কাশ্মীৰত ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা ৰছিছে পাকিস্তানী সন্ত্রাসবাদীয়ে৷
নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে কাশ্মীৰত আক্রমণ চলাবলৈ তালিবানৰ সহায় বিচৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত এইবাৰ পাকিস্তানৰ কেইবাটাও নিষিদ্ধ সন্ত্রাসবাদী সংগঠনে পাক অধিকৃত কাশ্মীৰত বাহৰ পাতিছে৷ চোৰাংচোৱা সংস্থাই দিয়া সতর্কবাণী অনুসৰি পাক অধিকৃত কাশ্মীৰত নিষিদ্ধ সংগঠন এলইটি, জেইএম, হিজবুল মুজাহিদীন আৰু আন কেইবাটাও সংগঠনৰ দুর্ধর্ষ সদস্যই জম্মু–কাশ্মীৰত আক্রমণৰ বাবে ব্লু–প্রিণ্ট ৰচনা কৰি বাহৰ পাতি আছে৷ এই নিষিদ্ধ সংগঠনকেইটাৰ কমাণ্ডাৰে আনকি জম্মু–কাশ্মীৰত আত্মগোপন কৰি থকা সংগঠনৰ সদস্যৰ সৈতেও যোগাযোগ ৰক্ষা কৰি আছে৷
বিগত ১৫ দিনৰ ভিতৰত চোৰাংচোৱা সংস্থাই ১০টাতকৈ অধিক পাকিস্তানী সন্ত্রাসবাদীৰ আক্রমণৰ ব্লু–প্রিণ্ট ধৰা পেলাবলৈ সক্ষম হৈছে৷ জম্মু–কাশ্মীৰত ইতিমধ্যে চোৰাংচোৱা সংস্থাৰ সতর্কবাণী অনুসৰিয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে নিৰাপত্তা বাহিনীক সক্রিয় হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷
এক তথ্য মতে, পাক অধিকৃত কাশ্মীৰৰ জেন্দ্রটত জইচ–ই–মহম্মদৰ ৫ দুর্ধর্ষ সন্ত্রাসবাদী বাহৰ পাতি জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধৰ অঞ্চলত অনুপ্রৱেশৰ চেষ্টা চলাই আছে৷