তেজপুৰ বিমান ঘাটি অৰুণাচলত সেনাৰ বিশাল সমৰসজ্জা
সীমান্তত হাই এলার্ট জাৰিঃ অতিৰিক্ত সেনা প্রেৰণ
নিয়মীয়া বাৰ্তা ১৭ জুনঃ লাডাখৰ গলৱালতভাৰতীয় আৰু চীনা সেনাৰ মাজত প্রচণ্ড সংঘর্ষৰ পাছতে দুয়োখন দেশৰ সীমান্তৱর্তী অঞ্চলসমূহত জাৰি কৰা হৈছে হাই এলার্ট৷ মঙলবাৰে গলৱালত সৃষ্টি হোৱা সংঘর্ষৰ পাছত ভাৰত–চীনৰ সীমান্তৱর্তী অঞ্চলসমূহলৈ প্রেৰণ কৰা হৈছে অতিৰিক্ত সেনাবাহিনী৷ এক কথাত লাইন অৱ একচুৱেল কণ্ড্র’লত (এল এ চি) এতিয়া দুই দেশৰ সেনাৰ সমৰসজ্জাত একপ্রকাৰ যুদ্ধৰ দামামা বাজি উঠিছে৷ উল্লেখ্য যে দুয়োখন দেশৰ মাজত সীমান্তৱর্তী অঞ্চলৰ পৰিমাণ হৈছে ৩,৪৮৮ কিলোমিটাৰ৷ গলৱালৰ উপৰি হিমাচল প্রদেশ সীমান্ত, উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশ আৰু চীনৰ মাজৰ সীমান্তৱর্তী অঞ্চলক লৈও দীর্ঘদিনে চলি আহিছে বিতর্ক৷ গলৱালত হোৱা সঘর্ষৰ পৰিপ্রেক্ষিতত ভাৰত–চীন সীমান্তৰ আন অঞ্চলসমূহৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ সীমান্তৱর্তী অঞ্চলতো জাৰি কৰা হৈছে হাই এলার্ট৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ে অৰুণাচল প্রদেশৰ সীমান্তৱর্তী অঞ্চলত সেনাবাহিনীক সতর্ক হৈ থাকিবলৈ নির্দেশ দিছে৷ লগতে অসমৰ তেজপুৰত থকা বায়ুসেনাৰ বিমানঘাটিতো জাৰি কৰা হৈছে এলার্ট৷ ইতিমধ্যেই ভাৰত–চীনৰ মাজত হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখাৰ উদ্দেশ্যে তেজপুৰৰ বিমানঘাটিত ৰখা হৈছে অত্যাধুনিক যুঁজাৰু বিমান৷ ইয়াৰ উপৰি হিমাচল প্রদেশত জাৰি কৰা হৈছে হাই এলার্ট৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি হিমাচল প্রদেশ আৰক্ষীয়ে সকলো চোৰাংচোৱা সংস্থাক সক্রিয় হৈ থাকিবলৈ নির্দেশ দিছে৷ একেদৰে ৰাজ্যখনৰ লাহাউল আৰু স্পিটি আৰু কিন্নাউৰ জিলাৰ স্থানীয় বাসিন্দাসকলক সুৰক্ষিত কৰি ৰাখিবলৈ সতর্কবাণী প্রদান কৰা হৈছে৷ হিমাচল আৰক্ষীৰ লগতে এই অঞ্চলসমূহৰ সুৰক্ষাৰ বাবে নিয়োগ কৰা হৈছে ভাৰত তিব্বেতান সীমান্ত আৰক্ষীৰ জোৱান৷ ভাৰত আৰু চীন সীমান্তৰ হিমাচল প্রদেশত এই দুয়োখন জিলা অন্তর্ভুক্ত হৈ আছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে গলৱালত দীর্ঘদিন ধৰি দুয়োখন দেশৰ সেনাৰ মাজত মতানৈক্য চলি আহিছে৷ ইয়াৰ মাজতে আজি দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত সংঘর্ষৰ সৃষ্টি হোৱাত সীমান্তৱর্তী অঞ্চলটোত যুদ্ধসদৃশ পৰিস্থিতি সৃষ্টি হয়৷ সীমান্তত হোৱা এই ঘটনাৰ লগে লগে দেশজুৰি হাহাকাৰ সৃষ্টি হোৱাৰ লগতে কেন্দ্রীয় চৰকাৰে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে৷ পুৱাৰ ভাগতে চীফ ডিফেন্স ষ্টাফৰ সৈতে মিলিত হয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং৷ ইতিমধ্যে এই সমগ্র বিষয়টোক লৈ প্রধানমন্ত্রীকো সাক্ষাৎ কৰিছে ৰাজনাথ সিঙে৷ ইয়াক কেন্দ্র কৰি আগন্তুক সময়ত অধিক ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।