নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰম্ভ বিজেপি নেতৃত্বাধীন এনডিএৰ বাজেট অধিৱেশন

🔹 দুয়ো সদনত অর্থনৈতিক সমীক্ষা ২০২৩–২৪ দাখিল কেন্দ্রীয় বিত্তমন্ত্রীৰ

বিশেষ বাৰ্তা, ২২ জুলাই : কেন্দ্রীয় বাজেটৰ পূর্বে পৰম্পৰা অনুযায়ী দাখিল কৰি অহা অর্থনৈতিক সমীক্ষাৰ প্রতিবেদন আজি সদনত দাখিল কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ প্রথম বাজেট অধিৱেশনৰ আজি প্রথম দিনাৰ কার্যসূচীত লোকসভাত দিনৰ ১ বজাত আৰু ৰাজ্যসভাত দিনৰ ২ বজাত অর্থনৈতিক সমীক্ষা ২০২৩–২৪ দাখিল কৰে বিত্তমন্ত্রী সীতাৰমণে৷ দেশৰ অর্থনীতিৰ উজ্জীৱিত সম্ভাৱনাক দাঙি ধৰি বিত্তমন্ত্রীগৰাকীয়ে দাখিল কৰা অর্থনৈতিক সমীক্ষাত দেশৰ অর্থনীতিৰ বিশ্লেষণ কৰাৰ লগতে হ্রস্বৰ পৰা মধ্য পর্যায়লৈকে দেশৰ অর্থনীতিৰ সম্ভাৱনাকো দাঙি ধৰা হয়৷ মুখ্য অর্থনৈতিক উপদেষ্টাৰ পর্যবেক্ষণত বিত্ত মন্ত্রালয়ৰ অর্থনৈতিক পৰিক্রমা বিভাগৰ অর্থনৈতিক শাখাই প্রস্তুত কৰা অর্থনৈতিক সমীক্ষা দুয়ো সদনত দাখিল কৰি বিত্তমন্ত্রীগৰাকীয়ে কয় যে ২০২৩–২৪ বিত্তীয় বর্ষৰ আধাৰত যুগুতোৱা অর্থনৈতিক সমীক্ষাত ২০২৪–২৫ বিত্তীয় বর্ষত দেশৰ প্রকৃত জিডিপি ৬.৫ শতাংশৰ পৰা ৭ শতাংশ পূর্বানুমান কৰা হৈছে৷ সমীক্ষাত ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই) আৰু আন্তর্জাতিক মুদ্রানিধি (আইএমএফ)ৰ ভাৰতৰ গ্রাহক মূল্য মুদ্রাস্ফীতি ২০২৬ চনলৈকে লক্ষ্য নির্ধাৰণ কৰি লোৱা হৈছে৷ স্বাভাৱিক মৌচুমী আৰু বাহ্যিক অথবা নীতি বিভ্রাট নহ’লে আৰবিআয়ে ২০২৪–২৫ বর্ষত মুদ্রাস্ফীতি ৪.৫ শতাংশ সম্ভাৱনা ব্যক্ত কৰিছে৷ ২০২৫–২৬ বিত্তীয় বর্ষত এই মুদ্রাস্ফীতি ৪.১লৈ হ্রাস পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰবিআয়ে৷ আইএমএফে ২০২৪–২৫ বিত্তীয় বর্ষত মুদ্রাস্ফীতিৰ হাৰ ৪.৬ শতাংশ আৰু ২০২৫–২৬ বিত্তীয় বর্ষত ৪.২ শতাংশ সম্ভাৱনা ব্যক্ত কৰিছে৷ ২০২৪ বর্ষত ভাৰতৰ বিদেশী পুঁজি ৩.৭ শতাংশ বৃদ্ধি পাই ১২৪ বিলিয়ন মার্কিন ডলাৰ হোৱাৰ বিপৰীতে ২০২৫ চনত ৪ শতাংশ বৃদ্ধি হৈ ১২৯ বিলিয়ন মার্কিন ডলাৰ হ’ব বুলিও সমীক্ষাত কোৱা হৈছে৷ পুষ্টিহীন খাদ্যৰ কাৰণে ৫৪ শতাংশ ৰোগৰ বোজাৰ প্রতি লক্ষ্য ৰাখি খাদ্যৰ ভাৰসাম্যৰ বিষয়টোক গুৰুত্ব দিয়া হ’ব বুলিও সমীক্ষাত উল্লেখ কৰা হৈছে৷ চীনৰ পৰা বিদেশী বিনিয়োগ (এফবিআই) বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ভাৰতৰ আন্তর্জাতিক যোগান শৃংখল আৰু ৰপ্তানি উজ্জীৱিত হ’ব৷ মন কৰিবলগীয়া যে দেশৰ সকলো দক্ষ পর্যায়ৰ শ্রমিকৰ ক্ষেত্রত বৃহৎ প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷ ভাৰতৰ বেংকিং আৰু বিত্তীয় খণ্ডই ২০২৩–২৪ বর্ষত চমকপ্রদ প্রদর্শন আগবঢ়াইছে বুলিও সমীক্ষাত উল্লেখ কৰা হৈছে৷ মহামাৰীৰ পিছত খুচুৰা মুদ্রাস্ফীতি ৫.৪ শতাংশতে সীমাবদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে৷ ইয়াৰ কাৰণে কেন্দ্রীয় চৰকাৰে সময়সাপেক্ষ নীতিৰ হস্তক্ষেপ আৰু আৰবিআইৰ মূল্য সুস্থিৰতা পদক্ষেপ গ্রহণীয় হৈ পৰিছে৷ ভাৰতে ২০৩০ চনলৈকে বার্ষিক অসংগঠিত খণ্ডত ৭৮.৫ লাখ সংস্থাপন সৃষ্টি কৰাৰ আৱশ্যক আছে বুলিও সমীক্ষাত প্রকাশ পাইছে৷ উল্লেখ্য যে বাজেটৰ লগত প্রথমবাৰৰ বাবে ১৯৫০–৫১ চনত অর্থনৈতিক সমীক্ষা যুগুতোৱা হৈছিল৷ পৰৱর্তী সময়ত ১৯৬০ চনৰে পৰা কেন্দ্রীয় বাজেটৰ পূর্বে অর্থনৈতিক সমীক্ষা সদনৰ মজিয়াত দাখিল কৰি অহা হৈছে৷ কাইলৈ মোদী–৩.০ চৰকাৰৰ প্রথম পূর্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্রী সীতাৰমণে৷

You might also like