নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্রী ৰাণীয়া ৰাওৰ গোচৰ চলাব চিবিআয়ে

🔹 সোণৰ চোৰাং বেহা : ১৫ দিনত চাৰিবাৰ ডুবাই ভ্ৰমণ

নিউজ ডেস্ক, ৯ মার্চ : ডুবাইৰ পৰা অনা ১২ কোটি টকা মূল্যৰ সোণসহ বেংগালুৰুৰ বিমানবন্দৰত ৰাজহ অনুসন্ধান সঞ্চালকালয়ে গ্রেপ্তাৰ কৰা কানাড়া জনপ্রিয় অভিনেত্রী ৰাণীয়া ৰাওৰ গোচৰৰ তদন্ত চলাব চিবিআয়ে৷ ইতিমধ্যে বেংগালুৰুত ৰাজহ অনুসন্ধান সঞ্চালকৰ সৈতে যোগাযোগ সম্পূর্ণ কৰি চিবিআয়ে অভিনেত্রী ৰাওৰ সোণৰ চোৰাং বেহাৰ গোচৰ নিজৰ হাতলৈ নিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ চিবিআয়ে গোচৰ হাতত লোৱাৰ লগে লগে বিপদত পৰিব অভিনেত্রী ৰাও৷ উল্লেখ্য যে কর্ণাটক ৰাজ্যিক আৰক্ষী গৃহ নিগমৰ সঞ্চালকপ্রধান ৰামাচন্দ্র ৰাওৰ সতীয়া কন্যা জনপ্রিয় অভিনেত্রী ৰাওৱে সোণৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত বুলি বিগত কিছুদিনৰ পৰা ৰাজহ অনুসন্ধান সঞ্চালকালয়ে সন্দেহ প্রকাশ কৰি নিৰীক্ষণ চলাই আছে৷ ইয়াৰ পিছতে বেংগালুৰু বিমানবন্দৰত ডুবাইৰ পৰা অহা অভিনেত্রী ৰাওক তেওঁৰ দেহৰ কাপোৰত লুকাই অনা ১২ কোটি টকা মূল্যৰ সোণসহ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বিগত বছৰকেইটাত ৩০বাৰতকৈ অধিক ডুবাই ভ্রমণ কৰা অভিনেত্রী ৰাওৱে ১৫ দিনৰ ভিতৰতে চাৰিবাৰ ডুবাইলৈ গৈ আৰক্ষীৰ সহযোগত বৃহৎ পৰিমাণৰ সোণ ডুবাইৰ পৰা লৈ আহিছিল৷ কিন্তু ৰাজহ অনুসন্ধান সঞ্চালকালয়ে বৃহস্পতিবাৰে বেংগালুৰুৰ বিমানবন্দৰত আৰক্ষীৰ সহযোগত চলোৱা তালাচীৰ পৰা অভিনেত্রী ৰাও-এ সাৰি যাবলৈ চেষ্টা কৰিছিল যদিও ৰাজহ সঞ্চালকালয়ে কৌশলেৰে আটক কৰে আৰু দীর্ঘদিন ধৰি চলাই অহা সোণৰ চোৰাং বেহাৰ তথ্য লাভ কৰে৷

You might also like