নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনামূলীয়া চকু পৰীক্ষাৰে বিশ্বাভিলেখৰ লক্ষ্য মুখ্যমন্ত্রীৰ

🔹 ১০ একৰ ভূমিত শিবিৰ স্থাপন : ৰাজ্যৰ ২৪০খন হাস্পতালক একত্রিত

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : উত্তৰ প্রদেশৰ প্রয়াগৰাজত অহা বর্ষত আৰম্ভ হ’বলগীয়া মহাকুম্ভমেলাক লৈ ব্যাপক প্রস্তুতি চলাইছে মুখ্যমন্ত্রী যোগী আদিত্যনাথ চৰকাৰে৷ এই মহাকুম্ভমেলাত ২০০০ ড্রোনেৰে পোহৰ নিক্ষেপ কৰিব৷ ইতিমধ্যে কুম্ভমেলাস্থলীত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷ দীপাৱলীত বন্তি প্রজ্বলনেৰে বিশ্বাভিলেখ গঢ়ি থকা মুখ্যমন্ত্রী যোগী আদিত্যনাথে এইবাৰ কুম্ভমেলাত বিনামূলীয়া চকু চিকিৎসাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লৈছে৷ কুম্ভমেলা আৰম্ভ হোৱাৰ দিনাৰে পৰা বিনামূলীয়াকৈ চকু চিকিৎসা কৰা হ’ব৷ ভক্তৰ সমাগমেৰে অভিলেখ গঢ়াৰ সমান্তৰালকৈ বিনামূলীয়া চকু চিকিৎসাৰেও অভিলেখ গঢ়িব৷ তথ্য মতে, ৫ লাখ লোকৰ বিনামূলীয়াকৈ চকু পৰীক্ষা কৰা হ’ব আৰু ৩ লাখ চশমা বিতৰণ কৰিব৷ অস্ত্রোপচাৰ প্রয়োজনীয় লোকৰ চকুৰ অস্ত্রোপচাৰ কুম্ভমেলাৰ সমীপৰ চিকিৎসালয়ত সম্পন্ন কৰা হ’ব৷ এই বিনামূলীয়া চকু পৰীক্ষাৰ মহাযজ্ঞৰ নাম দিয়া হৈছে ‘নেত্রকুম্ভ’৷ বিনামূলীয়া চকু পৰীক্ষা কৰাৰ বাবে আয়োজকে ১০ একৰ ভূমিত শিবিৰ স্থাপন কৰিছে৷ নেত্রকুম্ভৰ বাবে আয়োজকে ৰাজ্যখনৰ ২৪০খন হাস্পতালক একত্রিত কৰি ইয়াৰে চিকিৎসকক এই শিবিৰত বিনামূলীয়া চকু চিকিৎসা পৰীক্ষাত অংশগ্রহণ কৰাব৷ চিকিৎসকৰ বাবে শিবিৰতে আশ্রয়ৰ ব্যৱস্থা কৰা হৈছে৷ কোনো লোকে ইচ্ছা কৰিলে এই চকু চিকিৎসা শিবিৰতে নেত্রদান কৰিব পাৰিব৷ বিগত বর্ষতো বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছিল৷ এইবেলি এই চকু চিকিৎসা শিবিৰত চকু পৰীক্ষা কৰোৱাই বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনা কৰা হৈছে৷

You might also like