নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ স্বয়ং প্রতিৰক্ষা মন্ত্রীকে ৫০ লাখ দাবী দুর্বৃত্তৰ

🔹 ম’বাইল ফোনত সঞ্জয় শেঠক ভাবুকি

নিউজ ডেস্ক, ৮ ডিচেম্বৰ : এক চাঞ্চল্যকৰ ঘটনা! কেন্দ্রীয় ৰাজ্যিক প্রতিৰক্ষা মন্ত্রীক ফোনযোগে মৃত্যুৰ ভাবুকি প্রদান কৰাই নহয়, ৫০ লাখ টকা দাবী কৰিছে৷ ৰাজ্যিক প্রতিৰক্ষা মন্ত্রী সঞ্জয় শেঠক ম’বাইল ফোনৰ মেছেজযোগে ভাবুকি দিয়াৰ লগতে ৫০ লাখ টকা দাবী কৰিছে৷ স্বয়ং কেন্দ্রীয় মন্ত্রীক ম’বাইলযোগে মেছেজেৰে ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দর্ভত মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, কোনো লোকে পৰহি সন্ধিয়া তেওঁলৈ ৫০ লাখ টকা দাবীৰে বার্তা প্রেৰণ কৰিছে৷ ধন দাবীৰ লগতে তেওঁলৈ মৃত্যুৰো ভাবুকি দিছে৷ এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈ মন্ত্রীগৰাকীয়ে দিল্লীৰ আৰক্ষী আয়ুক্তক লগ কৰি অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে ততাতৈয়াকৈ মন্ত্রীগৰাকীৰ অভিযোগৰ ভিত্তিত তদন্ত চলাই আছে৷ আনহাতে প্রাৰম্ভিক তথ্য মতে, মন্ত্রীগৰাকীলৈ ৰাঁচীৰ কানকেৰ পৰা কোনো ব্যক্তিয়ে ধন দাবীৰ বার্তাটো প্রেৰণ কৰিছে৷ এই লৈ মন্ত্রীগৰাকীয়ে ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালকপ্রধান অনুৰাগ গুপ্তাৰ সৈতে টেলিফোনিক বার্তালাপ কৰি অভিযোগ দাখিল কৰিছে৷ ঝাৰখণ্ডৰ আৰক্ষীয়ে এই ধন দাবীৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

You might also like