🔹 অত্যাধুনিক প্রযুক্তিৰ বাবে বৃহৎ ক্ষতিৰ পৰা পৰিত্রাণ
নিউজ ডেস্ক, ২১ জানুৱাৰী : কুম্ভমেলা উপলক্ষে লাখ লাখ ভক্তই ভিৰ কৰিছে প্রয়াগৰাজৰ গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলত পৱিত্র স্নানৰ বাবে৷ ইয়াৰ মাজতে পৰহি বিয়লি সংঘটিত হয় দুর্ঘটনা৷ কুম্ভমেলাৰ চৌহদত দাউদাউকৈ জ্বলি উঠে জুই৷ এটাৰ পাছত এটাকৈ তম্বু লেলিহান জুইত ভস্মীভূত হয়৷ কিন্তু প্রশাসনৰ তৎপৰতাত আৰু কৃত্রিম বুদ্ধিমত্তাৰ সাহায্যত মাত্র ২২ মিনিটৰ ভিতৰতে এই জুই নিয়ন্ত্রণলৈ অনা সম্ভৱ হৈছিল৷ আৰক্ষী অধীক্ষক তথা ইণ্টিগ্রেটেড কমাণ্ডেণ্ট কন্ট্ৰ’ল চেণ্টাৰ (আইচিচিচি)ৰ ভাৰপ্রাপ্ত বিষয়া অমিত কুমাৰে কালি সংবাদ মাধ্যমত জানিবলৈ দিয়া অনুসৰি প্রথমবাৰৰ বাবে কুম্ভমেলাত জনতাৰ ভিতৰৰ মোকাবিলা কৰিবলৈ কৃত্রিম মেধা (এআই)ৰ সহায় লোৱা হৈছে৷ মেলা প্রাংগণৰ উপৰি সমগ্র চহৰখনত তিনি সহস্রাধিক কেমেৰা বহুওৱা হৈছে ৷ এই কেমেৰাবোৰৰ ভিতৰত ১,৮০০টা এআইৰ দ্বাৰা পৰিচালিত৷ কেমেৰাবোৰে যিকোনো মুহূর্তৰ ফুটেজৰ ওপৰত ভিত্তি কৰি নির্ভুল তথ্য দিয়ে৷ ফলত কোনো দুর্ঘটনাৰ খবৰ পোৱা গ’লে সেয়া কোন স্থানত, কেনেদৰে ঘটিছে, তাক জানিবলৈ পূর্বানুমানৰ ওপৰত নির্ভৰ কৰিবলগীয়া নহয়৷ অর্থাৎ এআই বা কৃত্রিম মেধাই এই সন্দর্ভত এক নিশ্চিত তথ্য প্রদান কৰে৷ অমিত কুমাৰে এই কথাও উল্লেখ কৰে যে কোনো নির্দিষ্ট অঞ্চলত অত্যধিক ভিৰ সৃষ্টি হ’লে স্ক্রীনত স্বয়ংক্রিয়ভাৱে সতর্কবার্তা আহি যায়৷ এনে প্রযুক্তিৰ ফলতেই ২২ মিনিটৰ ভিতৰত কুম্ভমেলাৰ ভয়াৱহ অগ্ণিকাণ্ড নিয়ন্ত্রণলৈ অনাটো সম্ভৱ হৈছে৷