নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী ভূমিত নির্মিত মাদ্রাছাত হাতুৰীৰ কোব চৰকাৰৰ

🔹 ৱাকফ আইনৰ অধীনত প্রথম পদক্ষেপ

নিউজ ডেস্ক, ১৩ এপ্রিল : নতুনকৈ বলৱৎ কৰা ৱাকফ সংশোধনী আইনৰ অধীনত প্রথমটো পদক্ষেপ গ্রহণ কৰিলে মধ্যপ্রদেশ চৰকাৰে৷ ৰাজ্যখনৰ পান্না জিলাৰ বিডি কলনীত চৰকাৰী ভূমিত নির্মিত মাদ্রাছা এখন কালি ভাঙি পেলালে চৰকাৰে৷ বিজেপিৰ ৰাজ্যিক সভাপতি বিষ্ণু দত্ত শর্মাই আনুষ্ঠানিকভাৱে চৰকাৰী ভূমিত বে–আইনীভাৱে মাদ্রাছা নির্মাণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই চৰকাৰে কালি মাদ্রাছা ভাঙিবলৈ আৰম্ভ কৰে৷ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে চৰকাৰী ভূমিত মাদ্রাছাখন নির্মাণ কৰাই নহয়, এই মাদ্রাছাৰ পৰাই বে–আইনী কার্যকলাপ আৰু ৰাষ্ট্রবিৰোধী কার্যকলাপ সংঘটিত হৈ আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ অভিযোগৰ পিছতেই তাৎক্ষণিকভাৱে মধ্যপ্রদেশ চৰকাৰে উল্লিখিত মাদ্রাছাক লৈ কঠোৰ পদক্ষেপ গ্রহণ কৰে৷ উল্লেখ্য যে অলপতে সামৰণি পৰা সংসদৰ বাজেট অধিৱেশনত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত যোৱা ৫ এপ্রিলত ৰাষ্ট্রপতিয়ে স্বাক্ষৰ কৰে৷ আইনত পৰিণত হোৱা এই ৱাকফ আইন ৮ এপ্রিলৰ পৰাই বলৱৎ কৰে কেন্দ্রীয় চৰকাৰে৷

You might also like