নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীৰ সংসাৰ ত্যাগ কৰি ভাগিনীয়েকৰে বিয়াত বহিল মামীয়েক

🔹 দুই মহিলাৰ কাণ্ডক লৈ চাঞ্চল্য : ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ 

বিশেষ বাৰ্তা, ১৯ আগষ্ট : প্রেমৰ মহিমা বুজিব নোৱাৰি! নিজৰ সংসাৰ ত্যাগ কৰি ভাগিনীয়েকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল মামীয়েক৷ তিনি বছৰ প্রেমৰ সম্পর্ক থকাৰ পাছত স্থানীয় এটা মন্দিৰত বিবাহপাশত আবদ্ধ হৈছে মামীয়েক আৰু ভাগিনীয়েক৷ বিহাৰৰ গোপালগঞ্জ থানাৰ বাসিন্দা স্বামীৰ সৈতে দীর্ঘদিনীয়া সম্পর্ক ছেদ কৰি ভাগিনীয়েক সুমনৰ সৈতে পলাই যায় মামীয়েক৷ বেলৱটা গাঁৱৰ এটা মন্দিৰত এই দুই মহিলা বিবাহপাশত আবদ্ধ হয়৷ ৭ পাক ঘূৰি সাতজনম একেলগে থকাৰ অংগীকাৰো লৈছে মহিলা দুগৰাকীয়ে৷ বিয়াৰ সেই মুহূর্তৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ বিয়াৰ পাছত সুমনে কয় যে মামীয়েকৰ সৈতে তেওঁৰ গভীৰ প্রেম আছে৷ গতিকে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয় দুয়ো৷ নিজৰ ইচ্ছা অনুসৰিয়েই দুয়ো এই বিবাহপাশত আবদ্ধ হোৱা বুলি সুমনে সংবাদ মাধ্যমক জনাইছে৷ লক্ষণীয়ভাৱে নাৰী–পুৰুষৰ বিয়া সকলোৱে দেখি আহিছে৷ কিন্তু ভাৰতীয় সমাজত দুগৰাকী মহিলাৰ বিবাহ এক অগতানুগতিক ঘটনা৷ এনে অগতানুগতিক ঘটনাৰ বাবেই সমাজত প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলিও সুমনে উল্লেখ কৰিছে৷ গভীৰ প্রণয়ৰ বাবে দুয়ো এক হ’ল যদিও সমাজৰ নিন্দা আৰু গৰিহণা প্রত্যাহ্বান হিচাপে লৈ কেনেদৰে সংসাৰ চলাব তাক লৈ অৱশ্যে দুয়োগৰাকী মহিলা যথেষ্ট উদ্বিগ্ণ৷ ইতিমধ্যে বিভিন্ন মহলৰ পৰা এনে বিয়াৰ বাবে নিন্দাৰ সন্মুখীন হ’বলগীয়া হৈছে দুয়োগৰাকী মহিলা৷ আনকি একাংশ লোকে এনে বিয়াই সমাজত কু–প্রভাৱ পেলাব বুলি অভিহিত কৰি দুয়োগৰাকী মহিলাক শাস্তি প্রদানৰো দাবী জনাইছে৷

You might also like